Advertisment

বটদ্ৰৱাত তৃতীয় আন্তঃক্লাৱ মাৱাটেকা চিতৰিয় কাৰাটে চেম্পিয়নশ্বিপ আৰম্ভ...

বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত এই কাৰাটে চেম্পিয়নশ্বিপৰ আৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বটদ্ৰৱা বটদ্ৰৱাত ৰাজ্যিক মাৱাটেকা চিতৰিয় তৃতীয় আন্তঃ ক্লাৱ কাৰাটে চেম্পিয়নশ্বিপ  আজিৰে পৰা আৰম্ভ হৈছে। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত এই কাৰাটে চেম্পিয়নশ্বিপৰ আৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই।

Advertisment

নগাঁও, মৰিগাঁও, শিৱসাগৰ, কামৰূপ মেট্ৰ, কামৰূপ, বাক্সা, বৰপেটা জিলাৰ জিলাৰ চাব জুনিয়ৰ শাখা, কেডেট শাখা, জুনিয়ৰ আৰু চিনিয়ৰ শাখাৰ মুঠ ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনিত ।

কাৰাটে চেম্পিয়নশ্বিপৰ সমগ্ৰ অনুষ্ঠানটিত মাৱাটেকা চিতৰিয় মুখ্য প্ৰশিক্ষকদ্বয় চম্পক ডেকা(ৰাজ্যিক কাৰাটে এছচিয়েছনৰ উপসভাপতি), জীতেন চৌধুৰী, নগাঁও জিলা কাৰাটে সন্থাৰ সম্পাদক ত্ৰিলক শৰ্মা,  সহ সম্পাদক তথা মাৱাটেকা চিতৰিয় নগাঁও জিলাৰ মুখ্য প্ৰশিক্ষক ৰিকু কটকী, আমন্ত্ৰণমূলক কাৰাটে চেম্পিয়নশ্বিপ উদযাপন সমিতিৰ সভাপতি ভাস্কৰজ্যোতি বৰা, উপদেষ্টা গুনমানি কলিতা, কোষাধ্যক্ষ পাপু বৰুৱা, ৰুণমনি বৰা আদি কৰি সহস্ৰাধিক লোক উপস্থিত থাকে।

বটদ্ৰৱা