/asomiyapratidin/media/media_files/2025/07/18/czxczxzxzx-2025-07-18-20-18-51.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন'(Assam Press Correspondents Union, APCU) চমুকৈ আপকুৰ কাৰ্বি আংলং জিলাৰ সমিতিৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাখন শুকুৰবাৰে মাঞ্জাৰ পশুপালন বিভাগৰ আইবিত অনুষ্ঠিত কৰা হয়। আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ছামছিং ক্ৰ'ৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এই কাৰ্যনিৰ্বাহক সভা। এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে।
এই সভাত আগন্তুক ডিফুত অনুষ্ঠিত হবলগীয়া আপকুৰ মঞ্চত পাচঁটাকৈ বঁটা প্ৰদান অনুষ্ঠান আৰু 'সাংবাদিকৰ সততা, নিষ্ঠা আৰু সামাজিক দায়বদ্ধতা' শীৰ্ষক আলোচনা চক্ৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত উপদেষ্টা ৰবীন বৰুৱা, উপ সভাপতি বীৰেন গোৱালা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক খৰছিং ৰংফাৰ, কাৰ্যকৰী সভাপতি ছেমছিং ইংতি, কোষাধ্যক্ষ লংকিৰাম টেৰণ, সহকাৰী সম্পাদক নেত্ৰকমল শৰ্মা, সাংগঠনিক সম্পাদক ছাৰছিং ৰংপি, আৰু সদস্য সকল ক্ৰমে নাৰায়ণ বৰুৱা, পংকজ ডেকা, খয়াছিং টেৰাং, ৰত্নকান্ত পাঠক সভাত উপস্থিত থাকে ।
ইফালে, এই সভাতে আগন্তুক অনুষ্ঠানত প্ৰকাশ পাবলগীয়া স্মৰণিকাৰ বাবে এখন সম্পাদনা সমিতি গঠন কৰা হৈছে। এই সম্পাদনা সমিতিত ধৰ্মেন্দ্ৰ খাখলাৰীক সম্পাদক, ছামছিং ক্ৰ'ক সভাপতি আৰু উপদেষ্টা হিচাপে ক্ৰমে ৰবীন বৰুৱা, নৰেন হাজৰিকা আৰু ছেমছিং ইংতিক ৰখাৰ লগতে সদস্য হিচাপে ক্ৰমে পংকজ ডেকা, নাৰায়ণ বৰুৱা নেত্ৰকমল শৰ্মা, ছাৰছিং ৰংপিক দায়িত্ব দিয়া হয়।