/asomiyapratidin/media/media_files/2025/01/19/3lsVrapAgAPaZZcLT331.jpg)
আঠিয়াবাৰীত তৃতীয় বাৰ্ষিক গীতা জয়ন্তী মহোৎসৱ আৰম্ভ
ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী আঠিয়াবাৰীত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক গীতা জয়ন্তী মহোৎসৱ । কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন, প্ৰসঙ্গ, ভাগৱত পাঠ ইত্যাদি কাৰ্যসূচীৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰে বজালী আধ্যাত্মিক গীতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি বসন্ত তালুকদাৰে ।
ইয়াৰ পিছতে শ্রীমৎ স্বামী কৃষ্ণানন্দ ব্রহ্মচাৰী প্ৰভুৰ প্রতিকৃতিত মাল্যার্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে । ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম।
মন্ত্ৰীগৰাকীয়ে এনে কাৰ্যক্ৰমৰ মাজেৰে আধ্যাত্মিকতাৰ প্ৰতি নৱ প্ৰজন্মৰ উৎসাহ বাঢ়ে বুলি মন্তব্য কৰে । ইফালে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাপক উপাচার্য ড° অমলেন্দু চক্রৱর্তী আৰু যুৱ বক্তা হিচাপে উপস্থিত থাকি সত্ৰৰ সেৱক নাৰায়ণ ৰয়ে সাৰুৱা আৰু সময়োপযোগী ভাষণ ৰাখে ।
সন্ধিয়া শিল্পী গোপেশ চৌধুৰীয়ে উদ্ধোধন কৰা সাংস্কৃতিক অনুষ্ঠানত বহুকেইখন আধ্যাত্মিক গীতা সত্ৰৰ শিল্পীৰ দ্বাৰা বিশেষ সংস্কৃতি প্ৰদৰ্শন আৰু স্থানীয় শিল্পীৰ গীত পৰিৱেশনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে ।