/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/knro5ddi/3.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ ২১ খন জিলাত আজিৰ পৰা কাৰ্যক্ষম হ’ব ৩৯খনকৈ উপ-জিলা ৷ এই উপ-জিলাসমূহক 'সম-জিলা' হিচাপে নামাংকন কৰা লগতে ৰাজ্য চৰকাৰে এই সম-জিলাসমূহৰ সদৰ ঠাইৰ নামো ঘোষণা কৰিছে ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অসমত প্ৰশাসনীয় সংস্কাৰৰ বাবে কেতবোৰ নতুন উপ-জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছিল কেবিনেটে। আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ‘‘প্ৰশাসনিক কাম-কাজৰ সুবিধাৰ বাবে মুঠ ৮১ খন উপ-জিলা গঢ়ি তোলা হৈছে ৷ এই উপ-জিলাসমূহৰ দায়িত্বত থাকিব অতিৰিক্ত জিলা আয়ুক্ত ৷’’ সম-জিলা সমূহ ক্ৰমে-
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/3aeu3w6o/watermark-1.jpg)
উল্লেখ্য যে, অসমৰ ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাননী জাৰি কৰি নতুন সম-জিলাসমূহ আৰু ইয়াৰ সদৰ ঠাইসমূহৰ নাম ঘোষণা কৰিছে ৷ লগতে সম-জিলাৰ কাৰ্যালয়ত কি কি প্ৰশাসনীয় পদবী থাকিব সেয়াও উল্লেখ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/wuab0cww/watermark-2.jpg)
Also Read: লেখিকা সমাৰোহৰ চিলাপথাৰ সমিতিৰ চতুবিংশতিতম প্ৰতিষ্ঠা দিৱসঃ মুখপত্ৰ "খোজ" উন্মোচন