ভাৰতৰ পৰা জৈৱিক সামগ্ৰীৰ ৰপ্তানিৰ হাৰ ৩৫ শতাংশ বৃদ্ধি...

ভাৰতৰ পৰা বিশ্বৰ ভিন্ন দেশলৈ ৰপ্তানি কৰা হয় শস্যজাতীয়কে ধৰি বহুবোৰ সামগ্ৰী। এই জৈৱিক সামগ্ৰীসমূহ ৰপ্তানি কৰাৰ ক্ষেত্ৰত ভাৰতে আশাৰব্যঞ্জক সঁহাৰি লাভ কৰা দেখা গৈছে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰপ্তানিৰ হাৰ বৃদ্ধি

ডিজিটেল ডেস্ক : ভাৰতৰ পৰা বিশ্বৰ ভিন্ন দেশলৈ ৰপ্তানি কৰা হয় শস্যজাতীয়কে ধৰি বহুবোৰ সামগ্ৰী। এই জৈৱিক সামগ্ৰীসমূহ ৰপ্তানি কৰাৰ ক্ষেত্ৰত ভাৰতে আশাৰব্যঞ্জক সঁহাৰি লাভ কৰা দেখা গৈছে।

এই সম্পৰ্কত চৰকাৰে মঙলবাৰে কয় যে মূলতঃ শস্য, চাহ, মছলা, ঔষধি উদ্ভিদ, তেলবীজ আৰু প্ৰচেছড খাদ্যৰ চালান বৃদ্ধি পোৱাৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ জৈৱিক সামগ্ৰীৰ ৰপ্তানি ৩৫ শতাংশ বৃদ্ধি হৈ ৬৬৫.৯৬ মিলিয়ন ডলাৰ হয়গৈ। ভাৰতীয় টকাৰ হিচাপত এয়া প্ৰায় ৫,৭১০ কোটি টকা হ’ব। 

উল্লেখয্য যে পূৰ্ব বছৰৰ ইয়াৰ পৰিমাণ আছিল ৪৯৪.৮০ মিলিয়ন ডলাৰ। এই উত্থানৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কয় যে, উৰ্ধমুখী ধাৰাটোৱে ভাৰতীয় জৈৱিক সামগ্ৰীৰ বিশ্বব্যাপী চাহিদা বৃদ্ধি পোৱাটো সূচাইছে। বিশেষজ্ঞসকলৰ মতে, প্ৰমাণীকৰণ সংস্থাসমূহৰ বিশ্বাসযোগ্যতাক লৈ উত্থাপিত প্ৰশ্নৰ মাজতে ‘জৈৱিক ইণ্ডিয়া’ ব্ৰেণ্ডটো পুনৰ নিৰ্মাণৰ বাবে বহু পদক্ষেপৰ প্ৰয়োজন।

ৰপ্তানি