/asomiyapratidin/media/media_files/2025/06/06/pyUF2STjbTtUAI982ON5.jpg)
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰ লাইট ইনফেন্ট্ৰি (JAK LI) ৰেজিমেণ্টেল চেন্টাৰে শ্ৰীনগৰত পঞ্চম আগ্নিবীৰ বেটচৰ “Passing Out Parade” (POP) অনুষ্ঠিত কৰে। ৩২৬জন আগ্নিবীৰক ৩১ সপ্তাহৰ কঠোৰ শাৰীৰিক, মানসিক আৰু কৌশলগত প্ৰশিক্ষণৰ অন্তত তেওঁলোকক আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাত অন্তর্ভুক্ত কৰে।
এই পেৰড অনুষ্ঠানত জ্যেষ্ঠ সেনা বিষয়া, প্রশিক্ষকসকল আৰু অগ্নিবীৰৰ অভিভাৱকৰ লগতে আত্মীয়-স্বজনসকলেও উপস্থিত থাকি এই গৌৰৱোজ্জ্বল মুহূর্তৰ সাক্ষী হয়। আগ্নিবীৰসকলে সুশৃঙ্খলভাৱে পেৰেড কৰি, গর্বিত সেনাবাহিনীৰ অংশ হিচাপে নিজা স্থান লাভ কৰে।
এই পেৰেড সন্দৰ্ভত সমীক্ষা বিষয়া (Reviewing Officer)-এ কয়,-“JAK LI ৰ ইতিহাসত পঞ্চম আগ্নিবীৰ বেটচৰ অংশ হোৱাটো আপোনালোকৰ বাবে ভাগ্যৰ কথা। আজিৰ পৰা এই গৰ্বিত ৰেজিমেণ্টৰ ঐতিহ্য আপোনালোকৰ দেহত। দেশ আৰু সেনাৰ ভৱিষ্যৎ আপোনালোকৰ হাতত। আপোনালোকৰ পৰিয়ালকো ধন্যবাদ জনাইছো, যাৰ সহায়ত আজি আপোনালোকে ইয়ালৈ আহিব পাৰিছে।আল্লাহ, বাহেগুৰু, বুদ্ধ আৰু ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক।”
এই অনুষ্ঠানৰ পিছতে নিজৰ অনুভৱ ব্যক্ত কৰি নৱ নিযুক্ত কুপৱাৰাৰ আগ্নিবীৰ আখতাৰ হাবিবে কয়, “৩১ সপ্তাহৰ অধ্যৱসায়ৰ অন্তত আজিৰ এই ক্ষণত আমি গৌৰৱ অনুভৱ কৰিছো। আমাৰ প্ৰশিক্ষণ কঠিন আছিল যদিও আমি লক্ষ্যৰ দিশে আগবাঢ়ি গৈছিলো। নতুন প্ৰজন্মক কওঁ, যিকোনো ক্ষেত্ৰতে কঠোৰ পৰিশ্ৰম কৰক আৰু নিজা লক্ষ্যত অৱিচল থাকক।”
কুপৱাৰাৰ আন এজন আগ্নিবীৰে তেওঁৰ অনুভৱ সন্দৰ্ভত কয়, “এয়া কেৱল আৰম্ভণিহে। আমি এতিয়া ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিম।” ভাৰতীয় সেনালৈ পুত্ৰক আগবঢ়াই দিয়া এগৰাকী পিতৃ, উৰিৰ নিয়ামতুল্লাৰে কয়, “আমি উৰিত পাকিস্তানৰ নিৰন্তৰ শ্বেলিংৰ মাজত বাস কৰো। এই দুখ-দুৰ্যোগৰ মাজত আমাৰ ল'ৰা-ছোৱালীবোৰৰ সুৰক্ষাৰ বাবে সেনাত যোগ দিয়াতো অতি প্ৰয়োজন। আমাৰ সন্তানক লৈ আমি গর্বিত।”
হণ্ডৱৰাৰ মাগামৰ বশীৰ আহমদ ভাট্টে কয়, “মোৰ পুত্ৰ আজি ভাৰতীয় সেনাৰ অংশ হ’ল। মই মোৰ দ্বিতীয় পুত্ৰকো সেনালৈ পঠিয়াব বিচাৰো। আজিৰ নিবনুৱা সমস্যাৰ এই ভয়ংকৰ সময়ত সেনা এক উত্তম বিকল্প।”
এগৰাকী পত্নী যাৰ স্বামী আগ্নিবীৰ হিচাপে অন্তর্ভুক্ত হৈছে তেওঁ কয়,“মোৰ আজি গৌৰৱাম্বিত। মোৰ স্বামীয়ে আগ্নিবীৰ হিচাপে দেশৰ সেৱা কৰিবলৈ আগবাঢ়িছে।আমাৰ পৰিয়ালৰ প্ৰায় সকলোজনেই সেনাৰ সৈতে জড়িত। আজিৰ যুৱসমাজো সেনালৈ আগ্ৰহী হৈছে।”