এন্টি ব'ট সহায়ত ডাঙৰ অভিলেখ! ৬০ ছেকেণ্ডত বুকিং হ'ল ভাৰতীয় ৰেলৰ ৩১৮১৪ টাকৈ টিকট...

টিকট বুকিঙৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িলে ৰে’লৱে। ৰে’লৱেই ইয়াৰ অভাৱ দূৰ কৰাৰ সমান্তৰালকৈ কাৰিকৰী ব্যৱস্থাত বহু পৰিৱৰ্তন সাধন কৰিছে। ৰেলৱেই টিকট বুকিং ব্যৱস্থা দ্ৰুত আৰু সঠিক কৰিবলৈ নতুন প্ৰযুক্তি স্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল ডেস্কঃ  চলিত বৰ্ষত এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ল ভাৰতীয় ৰে’লৱে। ২০২৫ চনৰ ২২ মে’ত এক মিনিটতে ৩১,৮১৪ টা ৰে'লৰ টিকট বুকিং কৰা হোৱা কাৰ্যই নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে। দৰাচলতে ৰে’লৰ টিকট বুকিং কৰাৰ সময়ত প্ৰায়ে কিছুমান অভিযোগৰ সন্মুখীন হয় ৰে'লৱে।

Advertisment

 আই আৰ চি টি চিৰ ৱেবছাইট অচল, টিকট বুকিং নহয়, বুকিং ব্যৱস্থা সঠিকভাৱে কাম নকৰা বুলি মানুহে প্ৰায়ে অভিযোগ কৰে, কিন্তু ৰে’লৱে এতিয়া এই অভিযোগসমূহৰ সমাধান কৰিছে। টিকট বুকিঙৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িলে ৰে’লৱে।

ৰে’লৱেই ইয়াৰ অভাৱ দূৰ কৰাৰ সমান্তৰালকৈ কাৰিকৰী ব্যৱস্থাত বহু পৰিৱৰ্তন সাধন কৰিছে। ৰেলৱেই টিকট বুকিং ব্যৱস্থা দ্ৰুত আৰু সঠিক কৰিবলৈ নতুন প্ৰযুক্তি স্থাপন কৰিছে। ৰে’লৱেই স্থাপন কৰিছে বিশেষ সুৰক্ষা প্ৰযুক্তি এন্টি-ব’টি ব্যৱস্থা, যাৰ সহায়ত টিকট বুকিঙৰ সময়ত ভুল চফটৱেৰ চিনাক্ত আৰু ব্লক কৰা হয়। 

ৰেলৱেই নিজৰ টিকট বুকিং ব্যৱস্থা সম্পূৰ্ণৰূপে ডিজিটেলভাৱে আধুনিকীকৰণ কৰিছে। ৰেলৱেই টিকট বুকিং ৱেবছাইটত এআই ভিত্তিক এণ্টি বট ব্যৱস্থা স্থাপন কৰিছে, যাৰ সহায়ত ভুৱা আৰু অটোমেটিক বুকিং কৰা বটবোৰ ব্লক কৰা হৈছে।  

লক্ষ্যণীয় যে,বিভাগটোত চলি থকা জালিয়াতি বিৰোধী ব্যৱস্থাৰ অংশ হিচাপে ভাৰতীয় ৰে’লৱেই ২.৫ কোটিৰো অধিক সন্দেহজনক ইউজাৰ আইডি নিষ্ক্ৰিয় কৰিছে। ইয়াৰ পূৰ্বে বটে কেইছেকেণ্ডমানৰ ভিতৰতে বুকিং উইণ্ডো হাইজেক কৰিছিল।

ভাৰতীয় ৰে'লৱে