৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰস্তুতি সম্পন্ন...

author-image
Asomiya Pratidin
New Update
৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰস্তুতি সম্পন্ন...

dhokuakhana

ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ উদ্যোগত, ঢকুৱাখনা মণ্ডল শিশু বিজ্ঞান একাডেমীৰ সহযোগত ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০২২ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পন্ন হৈছে । ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱাৰ হাৰ্হি মহাবিদ্যালয় প্ৰাংগণত অহা ৫ নৱেম্বৰ শনিবাৰে অনুষ্ঠিত হ'বলগীয়া এই শিশু বিজ্ঞান সমাৰোহৰ পুৱা পতাকা উত্তোলন কৰিব লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ সভাপতি বেণু কান্ত হাজৰিকাই।

Advertisment

ইয়াৰোপৰি এই পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰিব,ঢকুৱাখনা মণ্ডল সভাপতি সান্তনা বৰুৱা আৰু হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ মানস জ্যোতি নেওগে। ইয়াৰ পাছতে উপস্থিত কৰ্মকৰ্তা আৰু শিশু বিজ্ঞানীসকলক শপত বাক্য পাঠ কৰাব ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শিশু বিজ্ঞানী পাহি বৰা আৰু প্রাংক্ষু বৰুৱাই ।

পৰৱৰ্তী সময়ত শিশু বিজ্ঞান সমাৰোহ আৰু মুকলি সভা অনুষ্ঠিত হ'ব। ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই উদ্বোধন কৰিব লগা এই সমাৰোহ আৰু মুকলি সভাত সভাপতিত্ব কৰিব জিলা একাডেমীৰ সভাপতি বেণুকান্ত হাজৰিকাই ।

মুকলি সভাতেই সমাৰোহ উপলক্ষত প্ৰকাশ কৰি উলিওৱা "অন্বেষণ"শীৰ্ষক মুখপত্ৰখন উন্মোচন কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঁইয়ে । মুকলি সভাত মুখ্য অতিথি হিচাপে বিধায়ক নৱ দলে, লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বাৱন, নিৰ্দিষ্ট বক্তা হিচাবে মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক দুলাল মহন্ত আৰু বিশিষ্ট অতিথি হিচাবে লখিমপুৰ জিলা শিক্ষা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদর্শক হেমচন্দ্ৰ শইকীয়াই, আমন্ত্ৰিত অতিথি হিচাপে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট উদ্ভাৱক উপাসনা বৰুৱাই অংশগ্ৰহণ কৰিব। 

মূল সভাৰ সমান্তৰালভাৱে শিশু বিজ্ঞান সমিতিৰ উদ্যোগত "সুস্বাস্থ্য আৰু সৰ্বাঙ্গীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজো আহক" শীৰ্ষক মূল বিষয়বস্তু হিচাবে লৈ শিশু বিজ্ঞানীসকলে প্ৰস্তুত কৰা প্ৰকল্পসমূহ প্রদর্শন আৰু উপস্থাপন কৰা হব বুলি ঢকুৱাখনা মণ্ডলৰ সমন্বয়ক দ্বীগেন্দ্ৰ নাথ হাজৰিকাই জানিবলৈ দি সমাৰোহৰ সকলো কার্যসূচীত শিক্ষানুৰাগী ৰাইজ আৰু শিক্ষাৰ্থী সকলৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

DHOKUAKHANA