/asomiyapratidin/media/media_files/2025/07/17/uriamghat-17-2025-07-17-19-40-06.jpg)
জিটেল সংবাদ উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলা অন্তৰ্গত উৰিয়ামঘাট সীমান্তত চলিব বৃহৎ উচ্ছেদ অভিযান। উৰিয়ামঘাট সীমান্তৰ প্ৰায় ৩০০০ বিঘা মাটি বে-দখলমুক্ত কৰাৰ উদ্দেশ্যে এই উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে।
কিছুদিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰ সমষ্টি বৰপথাৰৰ বানাক্ৰান্ত অস্থায়ী আশ্ৰয় শিবিৰলৈ উৰিয়ামঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ কেইবাখনো গাঁৱত উচ্ছেদ হ'ব বুলি মন্তব্য কৰিছিল। বিদ্যাপুৰ চিলনীজানৰ পৰা নঁগাও, ধিং, আদি ঠাইলৈ চলাচল কৰাৰ সুযোগ লৈ সেই ঠাইৰ উপৰিও বিভিন্ন ঠাইৰ পৰা আহি সীমান্তৰ বিভিন্ন ঠাইত নিগাজীকৈ থাকি বন ধ্বংস কৰাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
তাৰোপৰি তেওঁ বিভিন্ন ঠাইৰ পৰা লোকসকল এই অঞ্চললৈ অহাৰ পিছত ইয়াৰ জন গাঁথনিও পৰিবৰ্তন হোৱা বুলি উল্লেখ কৰিছিল। তাৰ পিছতেই গোলাঘাট- সৰুপথাৰ সম জিলা প্ৰশাসন তথা বন বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হৈছে।
যোৰহাট, গোলাঘাট,আদি বিভিন্ন ঠাইৰ পৰা বন বিভাগৰ লোক আহি জৰিপ আৰম্ভ কৰিছে এই অঞ্চলত। সৰুপথাৰ সমজিলাৰ জালাল বস্তি, থুৰিবাৰী,বিদ্যাপুৰ খেৰবাৰী,মধুপুৰ, দলনিপথাৰ দয়ালপুৰ, দলনিপথাৰ, পিঠাঘাট আদিকে ধৰি কেইখনমান গাঁৱত ইতিমধ্যে প্ৰাৰম্ভিক জৰিপ আৰম্ভ কৰিছে। শেহতীয়াকৈ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত আদি আহি বন বিভাগৰ লোকৰ সৈতে আলোচনাত মিলিত হৈ ঠাইসমূহো পৰিদৰ্শন কৰে।