/asomiyapratidin/media/media_files/2025/07/31/balajan-31-2025-07-31-20-02-19.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান আৰক্ষীয়ে আজি দুপৰীয়া ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৩০ টা চোৰাং ম’হৰ সৈতে চাৰিজন সৰবৰাহকাৰীক আটক কৰে। জানিব পৰা মতে গোপন সূত্ৰৰ আধাৰত বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে আজি দুপৰীয়া বালাজান বজাৰ অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ২৬ এছি ০৭৫৪ নম্বৰৰ এখন ছয় চকীয়া মালবাহী ট্ৰাক ৰখায়।
পাছত ট্ৰাকখনত তালাচী চলাই আৰক্ষী দলটোৱে আমৰ কাৰ্টুনৰ আঁৰত ৩০ টা চোৰাং ম’হ উদ্ধাৰ কৰে। আৰক্ষীয়ে ম’হৰ সৈতে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাক খনত থকা চাৰি সৰবৰাহকাৰী আবুল কাচেম, মীনাৰুল হক, জিয়াপদ আলী আৰু ছাইদুল হকক আটক কৰে।
আটকাধীন চাৰিওজনৰে ঘৰ বৰপেটা জিলাত বুলি জানিব পৰা গৈছে। চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ পাঞ্জীপাৰা অঞ্চলৰ পৰা চোৰাং ম’হ লৈ গুৱাহাটীৰ ন মাইললৈ যোৱাৰ কথা উল্লেখ কৰাৰ লগতে ম’হসমূহৰ স্বত্বাধিকাৰী চনু শৰ্মা বুলি সৰবৰাহকাৰীয়ে স্বীকাৰোক্তি দিয়ে। পশ্চিমবঙ্গৰ পৰা ছাগলীয়াৰে তিনিখন আৰক্ষী থানা অতিক্ৰম কৰি অহা ট্ৰাকখন বালাজান আৰক্ষীয়ে চোৰাং ম’হ ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে সম্প্ৰতি ধুবুৰী জিলাৰ মাজেৰে চোৰাং ম’হৰ বেহা গা কৰি উঠা বুলি চৰ্চিত হৈছে। আৰক্ষী প্ৰশাসন চোৰাং গৰু, ম’হৰ বিৰুদ্ধে সষ্টম হৈ থকাৰ সময়তে আজি দিন দুপুৰতে বালাজান আৰক্ষীয়ে ট্ৰাক এখনৰ পৰা ৩০ টা চোৰাং ম’হ উদ্ধাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।