/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f87d1b46-a2ab-4eda-a120-c9fab49c5793/meghalaya_15.jpg)
assam
মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত আৰক্ষীৰ অভিযান।
জিলাখনৰ নিকিকোনা গাঁৱত চলিছে আৰক্ষীৰ এই অভিযান।
ফুলবাৰী আৰক্ষীয়ে অভিযান চলা ই জব্দ কৰিছে অস্ত্ৰ-সস্ত্ৰ।
জব্দ কৰা অস্ত্ৰ, সস্ত্ৰৰ মাজত আছে এটা পিষ্টল, এটা মেগজিন, ৩ জাই সজীৱ গুলী।
ইয়াৰ উপৰিও আৰক্ষীয়ে জব্দ কৰিছে মটৰ চাইকেলসহ তিনি জনক।
ধৃত যুৱক কেইজন ক্ৰমে ইলিয়াছ আলম, নুৰ হুছেইন আৰু শিলমান আৰু মাৰাক
আটকাধীন আটাইকেইজন যুৱককে ফুলবাৰী আৰক্ষীয়ে জেৰা চলাই আছে।
তেওঁলোকক গাৰো উগ্ৰপন্থীৰ সদস্য বুলি সন্দেহ কৰা হৈছে।
অসম মেঘালয় সীমান্তবৰ্তী এলেকাত অপহৰণ কৰি ধন দাবী কৰাৰ কামত জড়িত থকা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us