নাহৰলগুনৰ বিদ্যালয়ত শোকাৱহ দুৰ্ঘটনা, পানী টেংকীৰ দেৱাল ভাগি মৃত্যু...

এই ঘটনাত টক' ডলুম আৰু লিছা বুতুম নামৰ অষ্টম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনাত সন্দৰ্ভত ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ ঘৰটোৰ মালিক, বিদ্যালয়ৰ অধ্যক্ষ আৰু চাৰিজন ৱাৰ্ডেনক আৰক্ষীয়ে আটক কৰিছে।

author-image
Asomiya Pratidin
New Update
11

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা এক শোকাৱহ দুৰ্ঘটনাত ইটানগৰ কেপিটেল কমপ্লেক্স জিলাৰ নাহৰলগুনৰ চেইন্ট এলফনছা স্কুলত তিনিজন ছাত্ৰ-ছাত্ৰীৰ কৰুণ ভাৱে মৃত্যু হয়। নাহৰলগুনৰ আৰক্ষী অধীক্ষক মিহিন গাম্বুৱে জনোৱা মতে পুৱা বিদ্যালয় আৰম্ভ হোৱাৰ সময়তে বিদ্যালয়খনৰ চৌহদত থকা এটা কংক্ৰিটৰ বৃহৎ পানী টেংকীৰ দেৱাল খহি পৰে।

সেই সময়ত টেংকিটোৰ তলত থকা ছাত্ৰ-ছাত্ৰীৰ মুৰৰ ওপৰতে দেৱালখন আৰু টেংকিৰ পানী খহি পৰাত নৱম শ্ৰেণীত অধ্যয়নৰত ইকাং বাগাং, ৰেই ডল আৰু মাৰছু ডুবিৰ মৃত্যু হয়।

অৰুণাচল প্ৰদেশ