৩ নাবালিকাক ওৰে নিশা ৩ পাষণ্ডই কৰিলে বলাৎকাৰঃ দুধনৈ কাণ্ডই জোকাৰিছে গোৱালপাৰা...

dudhnoi
dudhnoi

ডিজিটেল সংবাদ দুধনৈঃ পুনৰ অসমৰ সমাজ জীৱনক লজ্জানত কৰা এক অমানৱীয় পাষৱিক কাণ্ড সংঘটিত হৈছে বঙাইগাওঁ জিলাৰ দুধনৈত। তিনি যুৱকে ফুচুলাই তিনি নাবালিকাক বলাৎকাৰ কৰাৰ দৰে এক জঘণ্য কাণ্ড সংঘটিত হৈছে দুধনৈত।

ঘটনাৰ বিৱৰণ অনুসৰি তিনি নাবালিকাক প্ৰথমে ফুচুলাই তিনি যুৱক ক্ৰমে- দেবাশীষ দাস ওৰফে চিন্তু, হাফিজুৰ শ্বাহ ওৰফে পিলু আৰু আচান পৰমানিকে দুখন বাইকত তিনি নাবালিকাক সন্ধিয়া দুধনৈলৈ লৈ আহে ৷ তাৰ পিছতে ধাবাত খাদ্য খুওৱাৰ চলনাৰে তাত সুৰাপান কৰোৱায় তিনি নাবালিকাক।

তাৰ পিছতে ধাবাখনৰ কাষতে থকা এটা ইটা ভাটাৰ পিছফালে এখন তামোল বাগানৰ মাজত এটা অকলশৰীয়া ঘৰলৈ নি ওৰে নিশা তিনি পাষণ্ডই তিনি নাবালিকাক উপৰ্যুপৰি ধৰ্ষণ কৰে ৷ তাৰ পিছত ২৩ অক্টোবৰৰ ৰাতিপুৱা তিনিও গৰাকী নাবালিকাক দুধনৈ চাৰিআলিত এৰি থৈ গুচি যায় ধৰ্ষনকাৰী কেইটাই ৷

অৱশেষত তিনিও নিজ ঘৰত উপস্থিত হৈ নিজৰ অভিভাৱকক সকলো কথা বিৱৰি কয়। তাৰ পিছতে এগৰাকী অভিভাৱকে দুধনৈ থানাত ২৪ অক্টোবৰত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিটাৰ বিৰুদ্ধে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে পৰৱৰ্তী সময়ত তিনিওকে ঘটনাস্থলীলৈ লৈ যায় আৰু উক্ত স্থানত কিদৰে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল সেই বিষয়ে পুংখানুপুংখভাৱে আৰক্ষীয়ে তদন্ত কৰে ৷ ভুক্তভোগী তিনি নাবালিকাক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰোৱা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

আনহাতে এই পাশৱিক কাণ্ডৰ কথা দুধনৈত বিয়পি পৰাত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সভ্য সমাজক লজ্জানত কৰিছে বুলিও মন্তব্য কৰিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in