পানীগাঁও আৰক্ষী থানাৰ ৩জন আৰক্ষীক গ্রেপ্তাৰ...

শনিবাৰে লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ ৩জন আৰক্ষীক গ্রেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে উৎকোচ লোৱাৰ অভিযোগত থানাখনৰ এই ৩ গৰাকী আৰক্ষীক  গ্রেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
পানীগাঁও আৰক্ষী থানাৰ ৩জন আৰক্ষীক গ্রেপ্তাৰ

ডিজিটেল ডেস্ক : শনিবাৰে লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ ৩জন আৰক্ষীক গ্রেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে উৎকোচ লোৱাৰ অভিযোগত থানাখনৰ এই ৩ গৰাকী আৰক্ষীক  গ্রেপ্তাৰ কৰে।

উল্লেখযোগ্য যে ২১ হাজাৰ টকা উৎকোচ লৈছিল আৰক্ষী তিনিজনে। আনহাতে গ্রেপ্তাৰ হোৱা আৰক্ষীকেইজন হৈছে- কনিষ্টবল হিৰণ্য কুমাৰ পাটগিৰি,গৃহৰক্ষী জোৱান দিলীপ কলিতা আৰু দীপক মিলি।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, এই ৩ আৰক্ষীয়ে মিলি চোৰাং গৰুৰ সৰবৰাহকাৰী সজাই এজনৰ পৰা লৈছিল ২১ হাজাৰ টকা। ৰাজকুমাৰ দলে নামৰ লোক এজনক সৰবৰাহকাৰী সজাই লৈছিল ধন।

ইফালে উক্ত ঘটনাৰে জড়িত তদানীন্তন অ' চি সত্যজিৎ বৰাক নিলম্বন কৰা হৈছে। একেদৰে ঘটনা সন্দৰ্ভত নিলম্বন কৰা হৈছে উপ পৰিদৰ্শক ক্ষীৰোদ শইকীয়াক।

Assam police