Advertisment

ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, বলেৰ’ৰ খুন্দাত আহত তিনিজন...

ৰঙাপৰাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত  তিনিজনকৈ লোক গুৰুতভাৱে আহত হয় ৷ ৰঙাপৰা উৰনীয়া সেতুৰ সমীপৰ হনুমান মন্দিৰৰ কাষতেই  সংঘটিত হয় পথ দুৰ্ঘটনাটি ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰঙাপৰাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত  তিনিজনকৈ লোক গুৰুতভাৱে আহত হয় ৷ ৰঙাপৰা উৰনীয়া সেতুৰ সমীপৰ হনুমান মন্দিৰৰ কাষতেই  সংঘটিত হয় পথ দুৰ্ঘটনাটি ৷

Advertisment

যাত্ৰীসহ আহি থকা এখন ই-ৰিক্সাক সন্মুখৰ ফালৰ পৰা তীব্ৰ বেগত অহা এখন অচিনাক্ত বলেৰ পিক আপ গাড়ীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটি । যাৰ ফলত ই-ৰিক্সা খনৰ যাত্ৰী অনুপ বাগ, অমৰ তিৰু আৰু প্ৰেম কৰ্মকাৰ গুৰুতৰভাৱে আহত হয় ৷ 

ঘটনাস্থলীত ৰঙাপৰা আৰক্ষীৰ দল উপস্থিত হৈ গুৰুতৰ ভাবে আহত তিনিওজনকে  ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে ৷ চিকিৎসকে তিনিওকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও দুজনৰ অৱস্থা আতি সংকট জনক দেখি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে দুৰ্ঘটনাটি সংঘটিত কৰি বলেৰ পিক আপ গাড়ীখন বালিপৰা দিশে পলায়ন কৰে ৷

ৰঙাপাৰা পথ দুৰ্ঘটনা