শিৱসাগৰত আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ ৩ প্ৰৱঞ্চক

এই প্ৰৱঞ্চক তিনিটা ক্ৰমে দ্বীপ হাজৰিকা (৪১), ছালিম উল্লাহ (২৮) আৰু জামাল আলী(৪৮) । শিৱসাগৰ জি এন জি ৰোডৰ নিবাসী ভৰালী উপাধিৰ বৃদ্ধ দম্পত্তিক ধন দাবী কৰিছিল ৩ প্ৰৱঞ্চকে। ৫ মাৰ্চত ফোন যোগে ধন দাবী কৰিছিল দম্পত্তিটোক ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bnbnb

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ আৰক্ষীৰ জালত ৩ প্ৰৱঞ্চক। আলফাৰ নামত ধন দাবী কৰা তিনিটা প্ৰৱঞ্চকক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ এই প্ৰৱঞ্চক তিনিটা ক্ৰমে দ্বীপ হাজৰিকা (৪১), ছালিম উল্লাহ (২৮) আৰু জামাল আলী(৪৮) । 

Advertisment

শিৱসাগৰ জি এন জি ৰোডৰ নিবাসী ভৰালী উপাধিৰ বৃদ্ধ দম্পত্তিক ধন দাবী কৰিছিল ৩ প্ৰৱঞ্চকে। ৫ মাৰ্চত ফোন যোগে ধন দাবী কৰিছিল দম্পত্তিটোক । সদৰ থানাত ৰুজু কৰা ৩৯/২০২৫ নং গোচৰৰ ভিত্তিত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওটা প্ৰৱঞ্চকক। আৰক্ষীৰ জালত পৰা দ্বীপ হাজৰিকাৰ ঘৰ বাবুপট্টীত , ছালিম আলী, জামাল আলীৰ ঘৰ কৈবৰ্ত দলনিত।

শিৱসাগৰ