শান্তিপূৰ্ণভাৱে গঠন পাখিমৰীয়া উন্নয়ন খণ্ডৰ ৩ খনকৈ পঞ্চায়ত

সৰ্বসন্মতি ক্ৰমে মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে পাৰবিনা খাতুন আৰু উপ-সভাপতি হিচাপে বাবুল হুছেইন নিৰ্বাচিত কৰে।গেৰজাইপাম গাঁও পঞ্চায়তৰ সভাপতি হিচাপে বাপন দাস আৰু উপ-সভাপতি হিচাপে ফিৰুজা বেগম নিৰ্বাচিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, কামপুৰ:  নগাঁও জিলাৰ ৰহা সমষ্টিৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱাৰ মাধৱপাৰা গাঁও পঞ্চায়ত, গেৰজাইপাম গাঁও পঞ্চায়ত আৰু জুৰিৰপাৰ গাঁও পঞ্চায়ত গঠন আৰু শপত গ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। সৰ্বসন্মতি ক্ৰমে মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে পাৰবিনা খাতুন আৰু উপ-সভাপতি হিচাপে বাবুল হুছেইন নিৰ্বাচিত কৰে।

Advertisment

আনফালে গেৰজাইপাম গাঁও পঞ্চায়তৰ সভাপতি হিচাপে বাপন দাস আৰু উপ-সভাপতি হিচাপে ফিৰুজা বেগম নিৰ্বাচিত হয়। জুৰিৰপাৰ গাওঁ পঞ্চায়তত সভানেত্ৰী হিচাপে ৰুণা লাইলা আৰু উপ-সভাপতি হিচাপে বাবৰ আলীক পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্য সদস্যা সকলে নিৰ্বাচিত কৰে।

পোন প্ৰথমবাৰৰ বাবে তিনিখন গাওঁ পঞ্চায়ত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীৰ দখললৈ অহাত দলীয় কৰ্মীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ সভাপতি- সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সমাজ সেৱক ওমৰ আলী, উদীয়মান যুৱ নেতা মতিউৰ ৰহমান, জহুৰ আলী, মিনাল বৰাই নৱ নিৰ্বাচিত সভাপতি সভানেত্ৰী সকলক ফুলাম গামোচা, জাপিৰে বিপুল সম্বৰ্দ্ধনা জনোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত দিয়া এক সাক্ষাৎকাৰত সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। লগতে প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ হকে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব বুলি মন্তব্য কৰে।

 

 

কামপুৰ