/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
ডিজিটেল ডেস্ক: তিনিচুকীয়াৰ লিডু কয়লা খনিত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। মৃত্যুক সাৱতি লয় কয়লা খনিৰ ৩ শ্রমিকে। দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।
কংগ্রেছ ফিল্ডৰ সমীপত গেছ নিৰ্গমনৰ ফলত মৃত্যু হয় শ্ৰমিক কেইজনৰ। মৃত্যু হোৱা দুজন শ্রমিকৰ ঘৰ যোগীঘোপাত আৰু এজনৰ ঘৰ গোৱালপাৰাৰ বগুৱানত বুলি জানিব পৰা গৈছে।
শ্রমিক কেইজনৰ নাম ক্ৰমে ছহিদুল ইছলাম, হুছেইন আলী, আছমত আলী। গেছ নিৰ্গমনৰ ফলত আহত আন কেইবাজনো শ্রমিক। অভিযোগ অনুসৰি ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল কয়লাৰ খনিৰ মালিকে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us