পুনৰ আমেৰিকাত মৃত্যু ৩ ভাৰতীয় ছাত্ৰঃ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত...

3 Indian Students Killed In US Road Accident
3 Indian Students Killed In US Road Accident

ডিজিটেল ডেস্কঃ পুনৰ আমেৰিকা যুক্ত ৰাষ্ট্ৰত ভাৰতীয় ছাত্ৰই মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। যুক্তৰাষ্ট্ৰৰ মেচাচুচেটছত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাৰ বাবেই ৩ জনকৈ ভাৰতীয় ছাত্ৰই মৃত্যুক সাৱটি ল'বলগীয়া হ'ল।

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় ছাত্ৰ কেইজন উঠি যোৱা বাহনখনে আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হৈছে। বহিঃৰাষ্ট্ৰত পথ দুৰ্ঘটনাত এইদৰে কৰুণ মৃত্যুক সাৱটি লোৱা ছাত্ৰ তিনিওজনেই দক্ষিণ ভাৰতৰ।

দুৰ্ভগীয়া ছাত্ৰ তিনিওজন ক্ৰমে পৱনী গুলাপল্লী (২২), প্ৰেম কুমাৰ ৰেড্ডী গোদা (২৭) আৰু চাই নৰসিংহ (২২)। বাৰ্কাশায়াৰ ডিষ্ট্ৰিক্ট এটৰ্ণীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য মতে কি দৰে এই দুৰ্ঘটনা সংঘটিত হ'ল সেই বিষয়ে তদন্ত অব্যাহত আছে। এই দুৰ্ঘটনাত আহত হৈছে আন ৫ জন লোকো। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in