পাকিস্তানলৈ ব্ৰাহ্মছ নিক্ষেপ ! তিনি বায়ু সেনা বিষয়াক বৰ্খাস্ত কেন্দ্ৰীয় চৰকাৰৰ….

পাকিস্তানলৈ ব্ৰাহ্মছ নিক্ষেপ ! তিনি বায়ু সেনা বিষয়াক বৰ্খাস্ত কেন্দ্ৰীয় চৰকাৰৰ….

author-image
asomiyapratidin
New Update
পাকিস্তানলৈ ব্ৰাহ্মছ নিক্ষেপ ! তিনি বায়ু সেনা বিষয়াক বৰ্খাস্ত কেন্দ্ৰীয় চৰকাৰৰ….

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ তিনজনকৈ বিষয়াক বৰ্খাস্ত কৰিলে কেন্দ্ৰীয় চৰকাৰে। ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ভুলকৈ নিক্ষেপ কৰাৰ বাবেই এই তিনিওজন বিষয়াক বৰ্খাস্ত কৰা হৈছে। মঙ্গলবাৰে কেন্দ্ৰীয় চৰকাৰে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ তিনিওজনকে বৰ্খাস্ত কৰা নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে,যোৱা ৯ মাৰ্চত পাকিস্তানত ভুল বশতঃ পৰিছিল গৈ ভাৰতৰ ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ। এই সন্দৰ্ভত বায়ু সেনাই তদন্ত কৰি তিনিজন বিষয়াক প্ৰাথমিক ভাৱে দায়ী বুলি প্ৰমাণিত কৰিছে।

এই সম্পৰ্কে বায়ু সেনাৰ ফালৰ পৰা কোৱা হৈছে যে- যোৱা ৯ মাৰ্চ, ২০২২ত সংঘটিত ব্ৰাহ্মছ মিছফাইৰিং কাণ্ডৰ বাবে তিনিজন বিষয়াক দায়ী কৰা হৈছে। আজি ২৩ আগষ্টত এই বিষয়া তিনিজনৰ টাৰ্মিনেচন আদেশ জাৰি কৰা হৈছে।

মন কৰিবলগীয়া যে তদন্ত আয়োগ নিশ্চিত হয় যে, এই বিষয়া তিনিজনে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ পৰা বিচ্যুতিৰ ফলত আকস্মিক ভাৱে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল।