/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/drain-cleaning.png)
ডিজিটেল ডেস্ক: নৰ্দমা পৰিষ্কাৰ সময়তে কৰুণ মৃত্যুক সাৱতি ল'লে তিনিজনকৈ শ্ৰমিকে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত চন্দ্ৰপুৰ জিলাত।
মঙলবাৰে চন্দ্ৰপুৰ জিলাৰ বল্লৰপুৰ অঞ্চলত নৰ্দমা পৰিষ্কাৰ কৰি থকাৰ সময়তে অস্বাস্থ্যকৰ পৰিৱেশৰ ফলত মৃত্যুক সাৱতি লয় ৩ জনকৈ শ্ৰমিকে। এই সন্দৰ্ভত তথ্য আৰক্ষীয়ে বুধবাৰে দাঙি ধৰে।
প্ৰাপ্ত খবৰ অনুসৰি ৱেষ্টাৰ্ণ কোল্ডফিল্ড লিমিটেডৰ ৪ জন ঠিকাভিত্তিক শ্ৰমিকে নৰ্দমাৰ চাফা কৰিবলৈ টেংকীৰ ভিতৰত নামে যদিও গলিত আৱৰ্জনাৰ বেয়া গোন্ধৰ বাবে ৩ জনৰ মৃত্যুৰ হয় আৰু এজন অসুস্থ হৈ পৰে। এই টেংকীটো প্ৰায় ১০ ফুট গভীৰ আছিল।
মৃত্যু হোৱা শ্ৰমিক কেইজনৰ নাম ৰাজু জনজাৰলা, সুভাষ খেনডালকাৰ আৰু সুশীল কৰডে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতেই বিভাগীয় কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।