/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/76dfc884-e729-44b1-954e-d8affc91f1f3/lpkl.jpg)
labour dead coal mining
ডিজিটেল সংবাদ,মাৰ্ঘেৰিটা - তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা ৷ চোৰাং কয়লাৰ অবৈধ বেহাৰ সৈতে জড়িত থকাৰ সম্ভাৱণা একাংশ প্ৰভাৱশালী নেতা ৷ ৰাজনৈতিক আৰ্ষীশধন্য এচাম প্ৰভাৱ শালী নেতাৰ চত্ৰছায়াত মাৰ্ঘেৰিটাৰ নামদাং , লিডুৰ চিনাবস্তি, জৰ্ণাবস্তি, মোলং, টেলখাতবস্তি, টিৰাপ ৬ নং আদি অঞ্চলত কয়লাৰ অবৈধ বেহাই এক প্ৰসাৰন লাভ কৰাৰ তথ্য আহি পৰিছে ৷
চৰকাৰ তথা স্থানীয় আৰক্ষী প্ৰশাসনৰ চৰম সোপাঢিলা নীতিৰ বাবে কয়লা মাফিয়াই চৰম সীমা চেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷ কোন আৰক্ষী ! কোন প্ৰশাসন ? সকলোকে বুঢ়া আঙুলী প্ৰদৰ্শন কৰি এচাম কয়লাচুৰে লিডুৰ বিভিন্ন স্থানত অবৈধ ভাৱে গঢ়ি তুলিছে কয়লাৰ অবৈধ খনি ( খাদান ) ৷
অতি কৌশলেৰে বিভিন্ন পক্ষক মেনেজ কৰি কয়লা মাফিলা সকলে কয়লাৰ বৃহৎ চিণ্ডিকেট গঢ়ি তুলাৰ ভয়ঙ্কৰ তথ্য পোহৰলৈ আহিছে ৷ বিভিন্ন সময়ত অবৈধ ভাৱে গঢ়ি উঠা কয়লা খনি সমূহত ভুমিস্খলন তথা মিথেইন গেছ নিৰ্গত হৈ বহু শ্ৰমিকৰ মৃত্যু হয় ৷ তাৰে বহু দুৰ্ঘটনা গোপনে কয়লা মাফিয়াই গাপ দি ৰাখিবলৈ চেষ্টা চলাই যদিওঁ একাংশ ঘটনা পোহৰলৈ আহে ৷
তেনে এক ঘটনা পুনৰ সংঘটিত হয় দেওবাৰে নিশা লিডুৰ মোলং পাহাৰত ৷ লিডুৰ কনফাৰেঞ্চ ফিল্ডৰ সমীপৰ কয়লা খনিত গেছ নিৰ্গত হৈ ৩ জন শ্ৰমিকৰ মৃত্যু হয়। নিহত শ্ৰমিক তিনিজন বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী।
কয়লাৰ অবৈধ খনিত কাম কৰি থকাৰ সময়তেই মিথেইন গেছ নিৰ্গত হৈ মৃত্যু হয় শ্ৰমিক কেইজনৰ ৷ ৰহস্যৰ বিষয় যে এই ক্ষেত্ৰত শ্ৰমিক কেইজনৰ মৃতদেহ মালিকপক্ষই গোপনে নিশাৰ ভিতৰতেই জেচিবেৰে পুতি ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷
ইফালে ঘটনাত চাৰিজন শ্ৰমিক আহত হোৱা বুলি সৰ্বত্ৰে চৰ্চা চলিছে যদিও আহত শ্ৰমিক সকলৰ কোনো পৰিচয় অথবা শুংসূত্ৰ ৰাজহুৱা কৰা নাই মালিকপক্ষই ৷ আশ্চৰ্যজনক ভাৱে আৰক্ষীয়ে বৰ্তমানৰ লৈকে শ্ৰমিক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
ইয়াৰ অন্তৰালৰ ৰহস্যক লৈ শংকিত বিদ্বৎ মহল ৷ সমগ্ৰ ঘটনাটো কয়লাৰ খনিৰ মালিকে অন্ধকাৰত ৰাখিব বিচাৰে। বিভিন্ন পক্ষক অতি কৌশলেৰে মেনেজ কৰিবলৈ উঠি পুৰি লাগিছে একাংশ কয়লা মাফিয়া ৷ এতিয়া প্ৰশ্ন হয় বাৰম্বাৰ কয়লাৰ অবৈধ খনিত শ্ৰমিকৰ মৃত্যুৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰি অহাৰ সময়তে কেনেকৈ পুনৰ এনেবোৰ ঘটনা সংঘটিত হ'ব ধৰিছে ৷
লিডুৰ মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ বেহাৰ সৈতে প্ৰকৃততে কোন জড়িত ? কাৰ চত্ৰচায়াত পুনৰ আৰম্ভ হৈছে কয়লাৰ অবৈধ চিণ্ডিকেট ৷ কয়লাৰ অবৈধ চিণ্ডিকেটৰ সৈতে কোন কোন জড়িত ? আৰক্ষীৰ মৌনতাক সহজ ভাৱে লোৱা নাই সচেতন মহলে ৷ সাধাৰন দুই এক কয়লা চুৰক কৰায়ত্ত কৰি দায়িত্ব সামৰা লিডু আৰক্ষীক কঠোৰ সমালোচনা কৰিছে বিভিন্ন দল সংগঠনে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us