/asomiyapratidin/media/media_files/2025/10/10/1-2025-10-10-20-44-13.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: চানমাৰিৰ উৰুণ সেঁতুৰ মেৰামতিৰ কামৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা চানমাৰি ট্ৰেফিক পইন্টলৈ অহা ১৩, ১৫ আৰু ১৭ অক্টোবৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যান-বাহনৰ চলাচল বন্ধ থাকিব।
নিউ গুৱাহাটী ক্ষেত্রীয় পথ সংমণ্ডলৰ লোকনির্মান বিভাগ (পথ)ৰ কার্যবাহী অভিযন্তা কাৰ্যালয়ে এক ৰাজহুৱা জাননীৰ জৰিয়তে আজি এই কথা ঘোষণা কৰিছে। আন আন পথসমূহৰ ভিতৰত চানমাৰিৰ মণিৰাম দেৱান পথ, নুনমাটি পথ, আৰু এনাজৰী পথ অন্যতম।
জাননীখনত উল্লেখ কৰা অনুসৰি বন্ধ থাকিব লাগিয়া পদসমূহৰ বিকল্প হিচাপে ৰাজগড়-পুৱ শৰণীয়া পথ, এম টি ৰোড-বামুনীমৈদাম ৰেলৱে কলনী ৰোড, মঠঘৰীয়া-নুনমাটি পথ, কৃষ্ণনগৰ-মিলনপুৰ পথ জনসাধাৰণে ব্যৱহাৰ কৰিব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us