Advertisment

নগাঁৱৰ মেৰাতলাত ৰাইজৰ হাতত আটক ৩ গৰুচোৰ

নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত মেৰাতলাত মঙলবাৰে নিশা স্থানীয় ৰাইজ উত্তেজিত হৈ গৰুচোৰে ব্যৱহাৰ কৰা AS 11 J 5185 নম্বৰৰ এখন বিলাসী বাহন ভাঙি লণ্ড -ভণ্ড কৰে

author-image
Asomiya Pratidin
New Update
garusur

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত মেৰাতলাত মঙলবাৰে নিশা স্থানীয় ৰাইজ উত্তেজিত হৈ গৰুচোৰে ব্যৱহাৰ কৰা AS 11 J 5185 নম্বৰৰ এখন বিলাসী বাহন ভাঙি লণ্ড -ভণ্ড কৰে। ঘটনাৰ বিবৰণী অনুসৰি, মেৰাতলালৈ এখন বিলাসী বাহনত চাৰিটা চোৰে গৰুচুৰ কৰিবলৈ আহিছিল। 

Advertisment

চোৰ কেইটাই গৰু চুৰি কৰিবলৈ লওতেই ৰাইজে কৌশলেৰে ঘেৰাও কৰি আটক কৰে। তিনিটাকৈ কুখ্যাত চোৰক ৰাইজে আটক কৰে যদিও, তাৰে এটা চোৰে পলায়ন কৰে। 

ৰাইজে আটক কৰা তিনিটা চোৰ ক্ৰমে আজাদ আলী, হাফিছ উদ্দীন আৰু ৰাজু আহমেদ। তেওঁলোক আটাইৰে ঘৰ জুৰীয়াত। পাছত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হোৱাত ৰাইজে আটক কৰা তিনি কুখ্যাত চোৰক চমজাই দিয়ে।

Assam police