নিচামুক্ত অসম গঢ়ি তোলাৰ মানসেৰে ৩যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

লেবাং চাউলকৰা গাঁৱৰ ভাৰ্গৱ গগৈ, মৰাণ খোৱাঙৰ মোহিন পাহাৰীয়া, লখিমপুৰ বছাগাঁৱৰ কুসুম্বৰ কুমাৰ দাসে আৰম্ভ কৰিছে এই যাত্ৰা ৷ যুৱক কেইজনক অহাযোৱা কৰোঁতে সময় লাগিব প্ৰায় ডেৰমাহ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চাইকেলেৰে কেদাৰনাথলৈ যাত্ৰা

চাইকেলেৰে কেদাৰনাথলৈ যাত্ৰা

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই শিৱসাগৰ হাঁহচৰা লেবাং চাউলকৰা গাঁৱৰ পৰা তিনিজন যুৱকে চাইকেলেৰে যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ৷  লেবাং চাউলকৰা গাঁৱৰ ভাৰ্গৱ গগৈ, মৰাণ খোৱাঙৰ মোহিন পাহাৰীয়া, লখিমপুৰ বছাগাঁৱৰ কুসুম্বৰ কুমাৰ দাসে আৰম্ভ কৰিছে এই যাত্ৰা ৷

এখন নিচামুক্ত অসম গঢ়ি তোলাৰ মানসেৰে এই তিনি যুৱকে চাইকেলেৰে যাত্ৰা কৰিছে কেদাৰনাথলৈ৷ ইয়াৰ উপৰিও চাইকেল যাত্ৰা কৰি যে নিজৰ স্বাস্থ্য সযতনে ৰাখিব পাৰি সেই উদ্দেশ্যও আগত ৰাখি মাৰ বান্ধি থিয় হৈছে এই তিনিযুৱক৷ প্ৰতিদিনে ১৮০কিলোমিটাৰ চাইকেলেৰে যাত্ৰা কৰিব এই তিনি যুৱকে৷

উল্লেখযোগ্য যে, মুঠতে ৭০০০কিলোমিটাৰ অহা-যোৱা কৰিব এই তিনিজন যুৱকে ৷ যুৱক কেইজনক অহাযোৱা কৰোঁতে সময় লাগিব প্ৰায় ডেৰমাহ৷

কেদাৰনাথ