পক্ষী নিধনৰ ভয়াৱহ দৃশ্য ইউটিউবত আপলোড কৰি গ্ৰেপ্তাৰ ৩ যুৱক

ধেমাজি জিলাৰ চিমেন চাপৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । পক্ষী নিধনৰ এক ভয়াৱহ দৃশ্য ভিডিঅ' আকাৰে ইউটিউবত আপলোড কৰি গ্ৰেপ্তাৰ হৈছে তিনি যুৱক ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পক্ষী নিধনৰ ভয়াৱহ দৃশ্য ইউটিউবত আপলোড কৰি গ্ৰেপ্তাৰ ৩ যুৱক

পক্ষী নিধনৰ ভয়াৱহ দৃশ্য ইউটিউবত আপলোড কৰি গ্ৰেপ্তাৰ ৩ যুৱক

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ চিমেনচাপৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পক্ষী নিধনৰ এক ভয়াৱহ দৃশ্য ভিডিঅ' আকাৰে ইউটিউবত আপলোড কৰি গ্ৰেপ্তাৰ হৈছে তিনি যুৱক। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই পোহৰলৈ অহা এই খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

তথ্য অনুসৰি চিমেনচাপৰি অঞ্চলৰ তিনি যুৱক ক্ৰমে হস্তিনাপুৰৰ গাঁওৰ মুনিন্দ্ৰ মুছাহাৰী(২৫), লংকা গাঁৱৰৰ দুই ভাতৃদ্বয় মহেশ্বৰ স্বৰ্গীয়াৰী (২৮) আৰু শিৱিৰাম স্বৰ্গীয়াৰী (২২)য়ে পক্ষী নিধনৰ দৃশ্য সমূহ সামাজিক মাধ্যম ইউটিউবত ভাইৰেল কৰা খবৰ বুধবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰৰ দৃষ্টি গোচৰ হয় ৷ শিক্ষামন্ত্ৰী আৰু জিলা আয়ুক্তই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা বন বিষয়াক জনায় ৷

ইয়াৰ পিছতে, তাৎক্ষণিকভাৱে জিলা বন বিভাগে চিমেনচাপৰি আৰক্ষীৰ সহযোগত বুধবাৰে বিয়লিলৈ জোনাইত ৱাইল্ড লাইফ এক্ট অনুসৰি গোচৰ ৰুজুৰ কৰি তিনি যুৱক গ্ৰেপ্তাৰ কৰে৷ বৃহস্পতিবাৰে বিয়লি ধেমাজি জিলা বন বিষয়া কৃষ্ণ কমল দেউৰীয়ে সদৰি কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা তিনি যুৱককে দুদিন ধৰি সোধা পোছা অন্তত জে'ল হাজোতলৈ প্ৰেৰণ হৈছে ৷  

পক্ষী ধেমাজি