/asomiyapratidin/media/media_files/2025/02/16/xQX9H46EHsP9GKBUZ1yU.jpg)
দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ
ডিজিটেল সংবাদ, তিতাবৰ : তিতাবৰত অনুষ্ঠিত হ'ব দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ । অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত আৰু ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই মহোৎসৱ।
সেয়ে দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তিতাতবৰত লাইখুটাঁ স্থাপন কৰা হয় । তিতাবৰৰ ধলিপথাৰত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ লাইখুটাঁ স্থাপন অনুষ্ঠানত চলচ্চিত্ৰৰ লগত জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
তাৰোপৰি উক্ত অনুষ্ঠানটি সুকলমে অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলে ৰাইজৰ সহযোগিতা কামনা কৰিছে।