কন্যা সন্তানক লৈ নাছিল সুখী! মাইক্ৰৱেভৰ পৰা উদ্ধাৰ ২ মহীয়া শিশুৰ মৃতদেহ…

কন্যা সন্তানক লৈ নাছিল সুখী! মাইক্ৰৱেভৰ পৰা উদ্ধাৰ ২ মহীয়া শিশুৰ মৃতদেহ…

author-image
asomiyapratidin
New Update
কন্যা সন্তানক লৈ নাছিল সুখী! মাইক্ৰৱেভৰ পৰা উদ্ধাৰ ২ মহীয়া শিশুৰ মৃতদেহ…

ডিজিটেল ডেস্ক: নিজৰ ২ মহীয়া শিশুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মাতৃৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ চিৰাগ অঞ্চলত।

Advertisment

সোমবাৰে (২১ মাৰ্চ) মাইক্ৰৱেভ ওভেনৰ পৰা উদ্ধাৰ হয় এটি ২ মহীয়া শিশুৰ মৃতদেহ।আৰক্ষী উপায়ুক্ত বেনিতা মৈৰী জয়কৰে কয় যে সোমবাৰে দুপৰীয়া ৩.১৫ মান বজাত তেওঁলোকে এই খবৰ পাইছিল। আৰক্ষীয়ে জনোৱা অনুসৰি শিশুটিৰ পিতৃ গুলচন কৌশিক আৰু মাতৃ ডিম্পল কৌশিকক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পৰা পোহৰলৈ আহিছে কিছুমান ভয়ংকৰ তথ্য। আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটোৰ মূল অভিযুক্ত শিশুটিৰ মাতৃ। শিশুটি জন্মৰ পৰাই সুখী নাছিল মাতৃ ,কিয়নো তেওঁ ,বিচাৰিছিল ল'ৰা সন্তান।ইয়াৰ বাবে স্বামীৰ লগতো কাজিয়া কৰিছিল তেওঁ।

দম্পতি হালৰ এটি ৪ বছৰীয়া শিশুও আছে।পৰিয়ালটোৰ ওচৰ-চুবুৰীয়াই আৰক্ষীক প্ৰথমে ঘটনা সন্দৰ্ভত অৱগত কৰায়। চুবুৰীয়াই কোৱা অনুসৰি মহিলা গৰাকীয়ে নিজক আৰু ৪ বছৰীয়া পুত্ৰক ঘৰৰ ভিতৰত বন্ধ কৰি ৰাখিছিল। তাৰ পাছতে শাহুৱেকে হুলুস্থুল কৰিছিল আৰু আৰক্ষীক খবৰ দিয়াৰ পাছত আৰক্ষীয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল দুয়োকে। কিন্তু নিৰুদ্দেশ আছিল ২ মহীয়া শিশুটি।

তেতিয়াই শিশুটি উদ্ধাৰ হয় ঘৰৰ ওপৰ মহলাত থকা মাইক্ৰৱেব ওভেনৰ পৰা। আৰক্ষীয়ে জনোৱা অনুসৰি সেই সময়ত শিশুটিৰ পিতৃ ঘৰত নাছিল। সন্দেহ অনুসৰি শিশুটিৰ ডিঙি চেপি হত্য়া কৰা হৈছিল আৰু পাছত মৃতদেহ মাইক্ৰৱেভ ওভেনৰ ভিতৰত ভৰাই থৈ দিছিল। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।

murder delhi