/asomiyapratidin/media/media_files/2024/12/27/K5p9t1DOqewbs9su7eiE.jpg)
ডিজিটেল সংবাদ,ৰঙিয়াঃ সমজিলা ৰঙিয়াত আজিৰে পৰা ভাৰতীয় শিক্ষণ মণ্ডলৰ সপ্তবিংশতিতম্ অভ্যাস বৰ্গ অনুষ্ঠিত হয়। ৰঙিয়াৰ গড়কাস্থিত শংকৰদেৱ শিশু নিকেতন প্ৰাংগনত পুৱা ১১ বজাত অভ্যাস বৰ্গ উদ্বোধন কৰে আৰ এছ এছৰ প্ৰান্তীয় প্ৰচাৰক নৃপেন বৰ্মনে। উদ্বোধনৰ সময়ত প্ৰচাৰক গৰাকীয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত নিজৰ ভাষণ প্ৰদান কৰে।
ইয়াৰ পিছত ড. নীলমোহন ৰায়ৰ সভাপতিত্বত ``বিনায়ক'' নামৰ এখনি আলোচনী উন্মোচন কৰা হয়। উন্মোচন কৰি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড. অমলেন্দু চক্ৰৱৰ্তীয়ে পাশ্চাত্য শিক্ষা ব্যৱস্থাৰ বিপৰীতে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ গঠনমূলক কাৰ্যকলাপ আৰু নীতিগত আদৰ্শমূলক সু-ব্যৱস্থালৈ বিশদভাৱে বক্তব্য আগবঢ়ায়। ইয়াৰ লগে লগে ভাৰতীয় শিক্ষণ মণ্ডলৰ প্ৰথম সত্ৰৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাখন সঞ্চালন কৰে উত্তৰ অসম প্ৰান্তৰ পূৰ্ব অধ্যক্ষ ডননীগোপাল শৰ্মাই।
প্ৰথম সত্ৰৰ অন্তত দ্বিতীয় সত্ৰত গোটৰ খতিয়ান আৰু ভৱিষ্যত কাৰ্যপন্থালৈ আলোচনা হয়। সঞ্চালন কৰে উত্তৰ অসম প্ৰান্তৰ সম্পাদক দীপক কুমাৰ শৰ্মা আৰু কোষাধ্যক্ষ ড. গৌৰিশংকৰ কৰ্মকাৰে। দ্বিতীয় সত্ৰৰ আলোচনাৰ পিছত আবেলিভাগত ড. কামেশ্বৰ শুক্লাৰ সঞ্চালনাত সামাজিক সক্ষমতা নাগৰিকৰ কৰ্তব্য আদি লৈ পঞ্চ প্ৰবাহত তৃতীয় সত্ৰত অনুষ্ঠিত হয়। নিশালৈ প্ৰাৰ্থনা আৰু প্ৰতিনিধিৰ সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰে।
কাইলৈ দ্বিতীয় দিনা কাৰ্যসূচীত পুৱা একাত্মতা স্ৰোত আৰু যোগ প্ৰাণায়মৰ পিছত চতুৰ্থ,পঞ্চম,ষষ্ঠ,৭ম,অষ্টম আৰু নৱম সত্ৰ অনুষ্ঠিত হ'ব। সত্ৰসমূহত ঘাইকৈ ইতিহাস পুনৰীক্ষণ পাৰিবাৰিক সংস্কাৰ ভাৰতীয় জ্ঞান পৰম্পৰা গতি বিধি মণ্ডল পৰিক্ৰমা বিষয়সমূহ আলোচনা হ'ব।
লগতে ৰবিবাৰে একাত্মতা স্ৰোত,যোগ প্ৰাণায়মৰ পিছত দশম আৰু একাদশ সত্ৰত ৰাষ্ট্ৰ গঠনত যুৱ সমাজৰ ভূমিকা আৰু মুক্ত চৰ্চাত বিষয়ত আলোচনাৰ পিছত হৰদত্ত বীৰদত্ত ভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাৰতীয় শিক্ষণ মণ্ডলৰ সপ্তবিংশতিতম্ অভ্যাস বৰ্গত উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ পিছতে সামৰণি পৰিব বুলি আদৰণি সমিতিয়ে জনায়।