/asomiyapratidin/media/media_files/2025/07/30/xcxcx-2025-07-30-16-22-51.jpg)
সাগৰমালা আঁচনিৰ অধীনত ২৭২ টা পথ আৰু ৰে'ল প্ৰকল্প ৰূপায়ণঃ সোণোৱাল
ডিজিটেল ডেস্কঃ সাগৰমালা কাৰ্যসূচীৰ অধীনত ২৭২টা পথ আৰু ৰে’ল সংযোগ প্ৰকল্পৰ কাম গড়কাপ্তানি, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয় , প্ৰধান বন্দৰ, আৰু ব্যক্তিগত খণ্ডৰ ৰেহাইদাতাসকলে ৰূপায়ণ কৰি আছে বুলি মঙলবাৰে সংসদক অৱগত কৰা হয়।
এই ২৭২টা প্ৰকল্পৰ ভিতৰত ৭৪টা প্ৰকল্প সম্পূৰ্ণ হৈছে। আনহাতে, ৬৭টা প্ৰকল্প কাৰ্যকৰী হৈ আছে। লগতে, ১৩১টা প্ৰকল্প উন্নয়নৰ কাম চলি আছে বুলি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত সদৰি কৰিছে।
সাগৰমালাৰ কাঠামোৰ শীৰ্ষত সামগ্রিক নীতি নির্দেশনা আৰু উচ্চ পৰ্যায়ৰ সমন্বয়ৰ বাবে পৰিকল্পনা আৰু ৰূপায়ণৰ দিশসমূহ পর্যালোচনা কৰিবলৈ এখন ৰাষ্ট্ৰীয় শীর্ষ সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ দৰে বিভিন্ন অংশীদাৰৰ মাজত সহযোগিতা সৃষ্টিৰ বাবে বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ে সময়ে সময়ে সামুদ্রিক ৰাজ্য উন্নয়ন পৰিষদৰ বৈঠক অনুষ্ঠিত কৰে।
ইফালে, সাগৰমালা কাৰ্যসূচীৰ অংশ হিচাপে প্রায় ৫.৭৯ লাখ কোটি টকাৰ আনুমানিক ব্যয়ৰে ৮৩৯টা প্রকল্প ৰূপায়ণৰ বাবে চিনাক্ত কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰি কৰে। ইয়াৰে মুঠ প্রকল্প ব্যয় ২২.৪২ লাখ কোটি টকাৰ ১১৯টা প্ৰকল্প ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) পদ্ধতিৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে আৰু বাকী প্রকল্পসমূহ অভিযান্ত্রিক ক্ৰয় আৰু নির্মাণ (ইপিচি) পদ্ধতিত প্রত্যক্ষ চৰকাৰী পুঁজিৰে গ্ৰহণ কৰা হৈছে।