মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত ২৬ অবৈধ বাংলাদেশী নাগৰিক আটক

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মটচোকপাৰাত আজি বিয়লিৰ ভাগত ২২ নং বেটেলিয়ান বিএছএফে তিনিখন বাহন ভৰ্তি ২৬ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে।

author-image
Asomiya Pratidin
New Update
মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত ২৬ অবৈধ বাংলাদেশী নাগৰিক আটক

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মটচোকপাৰাত আজি বিয়লিৰ ভাগত ২২ নং বেটেলিয়ান বিএছএফে তিনিখন বাহন ভৰ্তি ২৬ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰাৰ লগতে ৪ ভাৰতীয় দালালক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত বাতৰি মতে, ধৃত চাৰি ভাৰতীয় দালালৰ সহযোগত বাংলাদেশী নাগৰিক কেইজন চুবুৰীয়া ৰাষ্ট্ৰ খনৰ পৰা উন্মক্ত সীমান্তয়েদি মেঘালয় ভাৰতত প্ৰৱেশ কৰিছে।

Advertisment

দালালকেইজনৰ সহযোগতে একেলগে পুৰাখাচিয়া আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাৰ পৰা ১২ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে বাৰেংগাপাৰা অভিমুখে গৈ থকা অৱস্থাত পাহাৰীয়া এলেকাত ২২ নং বেটেলিয়ান বিএছএফ বাহিনীয়ে বাংলাদেশী নাগৰিক কেইজনক আটক কৰে। গোপন সুত্ৰৰ ভিত্তিত বিএছএফে বাংলাদেশী নাগৰিক কেইজনক আটক কৰাৰ লগতে একেলগে থকা চাৰি ভাৰতীয় দালালকো আটক কৰিছে।

জানিব পৰা মতে, ইতিমধ্যে বাংলাদেশী নাগৰিক কেইজনৰ লগতে দালাল চাৰিওজনক পুৰাখাচিয়া আৰক্ষীক গতাই দিয়াত আৰক্ষীয়ে দালাল কেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে বাংলাদেশী নাগৰিক কেইটাক জেৰা অব্যাহত ৰাখিছে। ধৃত ২৬ অবৈধ বাংলাদেশী নাগৰিকৰ ভিতৰত ৩ গৰাকী মহিলা আৰু দুটি ৩ বছৰীয়া কণ্যা সন্তান আছে।

লক্ষণীয় যে, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হাচিনা চৰকাৰৰ পতনৰ পাচৰে পৰা অসম, পশ্চিমবঙ্গ, ত্ৰিপুৰা আৰু মেঘালয় বাংলাদেশ সীমান্তয়েদি জাকে জাকে বাংলাদেশী নাগৰিক অবৈধ ভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা চলায়। ইতিমধ্যে মানকাচৰকে ধৰি মেঘালয়ত প্ৰায় শতাধিক বাংলাদেশী নাগৰিক আটক কৰি উভতাই পঠোৱা হৈছে।

মেঘালয়ত ৪৪৩ কিলোমিটাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভিতৰত ৪৯.২১৬ কিলোমিটাৰ এলেকা উন্মক্ত। উন্মক্ত সীমান্তৰ সুযোগ লৈ অবৈধ বাংলাদেশী সকলে ভাৰতীয় দালালৰ সহযোগত ভাৰতলৈ প্ৰৱেশ কৰি দেশৰ বিভিন্ন ৰাজ্যক শ্ৰমিক হিচাপে নিয়োজিত হৈ আহিছে।

মানকাচৰ বাংলাদেশী দক্ষিণ শালমাৰা