ডিজিটেল ডেস্ক : ঘোৰ বিত্তীয় সংকট আৰু সন্ত্রাসবাদীৰ বাবে বিশ্বৰ ওচৰত লজ্জিত পাকিস্তান আন এটা কাৰণত লজ্জানত হৈছে। কিয়নো ৭ খন দেশে পাকিস্তানৰ ২৫৮ গৰাকী নাগৰিকক খেদি পঠিয়াইছে।
ইয়াৰ ভিতৰত পাকিস্তানৰ প্ৰকৃত বন্ধু হিচাপে পৰিচিত চীনেও ভালেমান পাকিস্তানীক বিতাড়ন কৰিছে। বিগত ২৪ ঘণ্টাত ছৌডি আৰব, ইউ এ ই, কাটাৰ, ইণ্ডোনেছিয়া, চাইপাছ আৰু নাইজেৰিয়া আদি দেশে পাকিস্তানী নাগৰিকক বিতাড়ন কৰিছে।
ইয়াৰ ভিতৰত ভিক্ষাৰী আৰু অপৰাধী চৰিত্ৰৰ লোকো আছে। ছৌডি আৰবিয়াই অকলে ২৩২ জন পাকিস্তানীক বিতাড়ন কৰিছে। দৰাচলতে বৈধ নথি-পত্র অবিহনে এইসকল পাকিস্তানীয়ে বিদেশী ৰাষ্ট্ৰত আশ্ৰয় লৈ আছিল। শুকুৰবাৰে বিয়লি কৰাচীৰ জিন্না আন্তর্জাতিক বিমান বন্দৰত ২৫৮ জন পাকিস্তানী বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহি উপস্থিত হয়।