মঙলদৈত খাদ্যত বিষক্ৰিয়া, আক্ৰান্ত ২৫ জন লোক

গাঁওখনৰ কুশেশ্বৰ ডেকা নামৰ এঘৰ পৰিয়ালত বুধবাৰে নিশা আছিল জন্মদিনৰ অনুষ্ঠান। জন্মদিনৰ প্ৰসাদ আৰু আন খাদ্য খাই এই বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰা হৈছে।  

author-image
Asomiya Pratidin
New Update
dvdvdf

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ চহৰৰ নিকটৱৰ্তী সৰু থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ ২৫ জন আক্ৰান্ত হৈছে। গাঁওখনৰ কুশেশ্বৰ ডেকা নামৰ এঘৰ পৰিয়ালত বুধবাৰে নিশা আছিল জন্মদিনৰ অনুষ্ঠান। জন্মদিনৰ প্ৰসাদ আৰু আন খাদ্য খাই এই বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰা হৈছে।
 
বৃহস্পতিবাৰৰ পুৱাৰে পৰা জন্ম দিনৰ খাদ্য খোৱা প্ৰায় সকল লোকৰে হয় জ্বৰ ,পাইখানা হৈছে। শনিবাৰে ইয়াৰে একাংশ লোক অধিক জ্বৰ , বমী হৈ দুৰ্বল হোৱাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইতিমধ্যে ১১ জন লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই সকলৰ ভিতৰত এটি শিশুও আছে ।

মঙলদৈ