![]](https://img-cdn.publive.online/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/29/h-2025-06-29-19-20-32.jpg)
ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটাত দুৰ্বৃত্তই গুটখা ভৰ্তি ট্ৰাক হাউজেক কৰি লুটিলে প্ৰায় ২৫ লাখ টকাৰ গুটখা। ইয়াৰ পাছতে বৰপেটা আৰক্ষীয়ে অভিযানত চলায় অভিযুক্তসহ চুৰি গুটখা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰে পালহাজীৰ ৰেজ্জাক মল্লিক, বকোৰ ছাহজাহান আলী, কলতলি চৰৰ
আব্দুল কায়েম, সোণতলীৰ নুৰুল ইছলাম আৰু হাফিজুৰ ৰহমানক। বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জীতেশ বৰ্মণে এক সংবাদমেল যোগে উল্লেখ কৰে এই কথা ।
আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে, বিগত ২০ জুনত গুৱাহাটীৰ পৰা গুটখা লৈ বৰপেটালৈ অহা ট্ৰাক এখন নগাঁৱৰ বৰবিলাত হাইজেক হৈছিল। এই সন্দৰ্ভত ২১ জুনত যুগল ডেকাই বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। এই বিষয়ে অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই গুৱাহাটী, সোণতলি আৰু পালহাজীৰ পৰা ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৬ বস্তা গুটখাৰ পেকেট আৰু ৪ বস্তা জৰ্দাৰ পেকেট জব্দ কৰে। ইতিমধ্যে বৰপেটা আৰক্ষীয়ে হাইজেকত ব্যৱহাৰ কৰা ট্ৰাক আৰু চাৰিচকীয়া বাহনখনো জব্দ কৰিছে।