ভাৰতীয় সেনাত নিযুক্তিৰ দুদিন পূৰ্বে সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে দীপকে...

ভাৰতীয় সেনাত নিযুক্তিৰ দুদিন পূৰ্বে সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে দীপকে...

ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদী-সেনাৰ সংঘৰ্ষই জুৰুলা কৰি থৈ যোৱা এখন ৰাজ্য হৈছে জম্মু-কাশ্মীৰ । যদিও বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে পৰিগণিত হৈছে কিন্তু এই সংঘৰ্ষৰ পৰিমাণ হ্ৰাস হৈ অহা নাই । বৰং কিছু কিছু অঞ্চলত পূৰ্বৰ সমানেই অশান্ত পৰিৱেশ । নৱবৰ্ষৰ প্ৰথমটো দিনতেই কাশ্মীৰৰ ধনগিৰি গাওঁত ৰাজ্যখনৰ সংখ্যালঘু লোকসকল বলি হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ।

এই আক্ৰমণৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল ২৩ বছৰীয়া দীপক কুমাৰে । ৰাষ্ট্ৰখনৰ অন্য প্ৰান্তৰ লোকসকলৰ জম্মু কাশ্মীৰত সংঘটিত মৃত্যু এক সাধাৰণ ঘটনা কিয়নো প্ৰায় প্ৰত্যেকটো দিনেই কাৰোবাৰ মৃত্যুৰ খবৰ আহে উপত্যকাটোৰ পৰা । কিন্তু এই সন্ত্ৰাসে শেষ কৰি আহিছে উঠি অহা প্ৰজন্মটোক ।

২৩ বছৰীয়া দীপকৰ পিতৃ যি ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী তেখেতে পুত্ৰৰ বিয়োগৰ পাছত জানিবলৈ দিয়া অনুসৰি,  দীপক কুমাৰৰ ইচ্ছা আছিল ভাৰতীয় সেনাত যোগদান কৰ‍াৰ । ইতিমধ্যে যাৱতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ জানুৱাৰীৰ ৪ তাৰিখে সেনাত যোগদানো কৰিলে হয় দীপকে । কিন্তু নিষ্ঠুৰ নিয়তিয়ে তাৰ পূৰ্বেই কাঢ়ি নিলে দীপকক ।

এই আক্ৰমণৰ ফলত দীপকৰ সৈতেই প্ৰাণ হেৰুৱাই আন তিনিজন লোকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in