চতিয়াৰ উত্তৰাঞ্চলৰ ২৩খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত

চতিয়াৰ উত্তৰাঞ্চলৰ ২৩খনকৈ অবড়ো গাঁও সদ্য প্ৰকাশিত বিটিআৰৰ খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে চতিয়াৰ ননকে চেঙামাৰীত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা।

author-image
Asomiya Pratidin
New Update
xhfhj

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ উত্তৰাঞ্চলৰ ২৩খনকৈ অবড়ো গাঁও সদ্য প্ৰকাশিত বিটিআৰৰ খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে চতিয়াৰ ননকে চেঙামাৰীত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। অবড়ো সুৰক্ষা মঞ্চৰ উদ্যোগত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে নদুৱাৰ ৰাজহচক্ৰ বিষয়া ডা° আকাশদ্বীপ কাকতিৰ উপস্থিতিত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা।

সভাত আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি কুৰিৰো অধিক জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । অবড়ো ৰাইজৰে পৰিপূৰ্ণ এই গাঁওসমূহ কোনো কাৰণতে বিটিআৰত অন্তৰ্ভুক্ত হ’বলৈ দিয়া নহ’ব বুলি ৰাজহুৱা সভাই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে আজিৰ এই বিশাল ৰাজহুৱা সভাত কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে।

jamugurihat