/asomiyapratidin/media/media_files/2025/05/28/8W1oqyObTzO2Cd5sQcXm.jpg)
বাংলাদেশীৰ বিৰুদ্ধে অভিযান, আটক ২২ গৰাকী সন্দেহজনক নাগৰিক
ডিজিটেল সংবাদ, ধুবুৰীঃ মঙলবাৰে নিশা সন্দেহজনক বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে চলালে অভিযান। জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে আটক কৰে ২২ জনকৈ সন্দেহজনক নাগৰিকক।
এই ২২ গৰাকী নাগৰিকৰ ভিতৰত একাংশক বিদেশী ন্যায়াধীকৰণ আদালতে ভাৰতীয় বুলি ৰায় প্ৰদান কৰিছিল। একাংশৰ আদালতত গোচৰ চলি থকাৰ বিপৰীতে আন একাংশ জামিনত আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ধুবুৰী বি এন কলেজ আৰক্ষী চকিত জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।