কাছাৰত শুল্ক বিভাগ আৰু বি এছ এফৰ অভিযান : ২২ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে শুল্ক বিভাগ আৰু বি এছ এফৰ অভিযান অৱ্যাহত আছে।‌ শিলচৰ - আইজল ৰাষ্ট্ৰীয় পথৰ ধলাই পানীভৰাত অভিযান চলাই বুজণ পৰিমাণৰ হেৰ'ইন আৰু য়াবা টেবলেট জব্দ কৰে অভিযানকাৰী দলে। 

author-image
Asomiya Pratidin
New Update
gdf

ডিজিটেল সংবাদ, শিলচৰ : কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে শুল্ক বিভাগ আৰু বি এছ এফৰ অভিযান অৱ্যাহত আছে।‌ শিলচৰ - আইজল ৰাষ্ট্ৰীয় পথৰ ধলাই পানীভৰাত অভিযান চলাই বুজণ পৰিমাণৰ হেৰ'ইন আৰু য়াবা টেবলেট জব্দ কৰে অভিযানকাৰী দলে। 

Advertisment

উল্লেখযোগ্য যে, মিজোৰামৰ পৰা কাছাৰ অভিমুখী এখন বলেৰ' বাহনত তালাচী চলাই জব্দ কৰা হয় ড্ৰাগছখিনি। বাহনখনৰ গোপন চেম্বাৰৰৰ পৰা হেৰ'ইন ভৰ্তি ৮০টা চাবোনৰ বাকচ আৰু ডেৰ লাখ য়াবা টেবলেট জব্দ কৰা হয়। 

জব্দ কৰা হেৰ'ইনৰ ওজন প্ৰায় ৮৫০ গ্ৰাম। হেৰ'ইন আৰু য়াবা টেবলেটখিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ২২ কোটি টকা বুলি সদৰী কৰিছে শুল্ক বিভাগে। ড্ৰাগছ আৰু বলেৰ' বাহনখন জব্দ কৰা হয় যদিও অভিযানকাৰী দলটো অহাৰ উমান পাই পলায়ন কৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে।

Silchar