/asomiyapratidin/media/media_files/2025/07/15/asha-15-2025-07-15-14-47-34.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ৬০ বছৰৰ উৰ্ধৰ ৩৬ গৰাকী আশা কৰ্মীলৈ ৰাজ্য চৰকাৰৰ এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান । যিসকল আশা কৰ্মীয়ে নূন্যতম ১০ বছৰ নিজৰ কৰ্তব্য কৰি এতিয়া বয়স ৬০ বছৰ অতিক্ৰম কৰিছে তেওঁলোকলৈ ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে ।
৬০ বছৰ অতিক্ৰম কৰা চিৰাং জিলাৰ ৩৬ গৰাকী আশা কৰ্মীৰ ভিতৰত ২২ গৰাকী আশা কৰ্মীক আজি এক অনুষ্ঠানৰ জৰিয়তে জিলা আয়ুক্ত যতীন বৰাই আনুষ্ঠানিক ভাৱে দুই লাখ টকাৰ চেক প্ৰদান কৰে। চেক প্ৰদান কৰি জিলা আয়ুক্ত যতীন বৰাই কয় চৰকাৰৰ নিয়ম অনুসৰি এই সামান্য ধন আগবঢ়াইছে আশা কৰ্মী সকললৈ।
এই আশা কৰ্মীসকলে প্ৰসূতিসকলক লৈ দিনে, নিশাই যিদৰে পৰিশ্ৰম কৰিছিল তাৰ মূল্যায়ন টকাৰে কৰিব নোৱাৰি । এই দুই লাখ টকা চৰকাৰে নিয়ম অনুসৰি আগবঢ়াইছে এই ধন আগলৈ আশাকৰ্মীসকলৰ জীৱনত কিছু সকাহ লাভ কৰিব বুলি মন্তব্য কৰে ।
আজিৰ চেক বিতৰণ অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত শিল্পীকা কলিতা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক হাৰুন আল ৰছিদ, জে এছ বি অসামৰিক চিকিৎসালয় অধীক্ষক ডাঃ ৰেজাউল কৰিম আহমেদ, ডাঃ ৰাজেশ পাণ্ডে, ডাঃ ৰাজু দাস, ডাঃ উত্তম কুমাৰ বিশ্বাস, ডাঃ দিগেন্দ্ৰ ৰামচিয়াৰী, ডাঃ পি এন পাটিলসহ জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়ববীয়া সকলৰ লগতে আশা কৰ্মীসকল উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us