/asomiyapratidin/media/media_files/2025/04/28/geWyGEsqVMtQBHIa88OO.jpg)
ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত জাতীয় বিৰোধী মন্তব্যৰ অভিযোগত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আৰক্ষীয়ে ২২জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ বিধায়ক আমিনুল ইছলামকে ধৰি ১৭ জন লোক কেৱল অসমৰ।
আনহাতে ৪জন ত্ৰিপুৰাৰ আৰু এজন মেঘালয়ৰ। ইফালে উত্তৰ-পূবৰ বিভিন্ন স্থানৰ পৰা সোধা-পোছাৰ বাবে আটক কৰা কেইজনমান লোকক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।
ৰাজ্যত গ্ৰেপ্তাৰ হোৱা ৩জনক দেওবাৰে গোলাঘাটৰ দধিচি ডিম্পল ওৰফে ডিম্পল বৰা, তামুলপুৰৰ পৰা তাহিব আলী আৰু উদালগুৰিৰ বিমল মাহাটো বুলি চিনাক্ত কৰা বুলি জানিব দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গোচৰ ৰুজু কৰা হ'ব। মুখ্যমন্ত্ৰী শৰ্মাই কটাক্ষ কৰি কয় যে, “পাকিস্তানক সমৰ্থন কৰা যিকোনো ব্যক্তিৰ বাবে নতুন গন্তব্য স্থান হ'ব- কাৰাগাৰ, য’ত তেওঁলোকক সম্পূৰ্ণ আতিথ্যত ৰখা হ’ব।”
উল্লেখ্য যে, সামাজিক মাধ্যমত “পাকিস্তানক সমৰ্থন কৰা কন্টেন্ট” পোষ্ট কৰাৰ অপৰাধত শনিবাৰে আৰক্ষীয়ে অসমৰ কাছাৰ জিলাৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। সোণাই থানাৰ অন্তৰ্গত ৰামনগৰৰ বাসিন্দা বক্তৰ হুছেইন বৰভূঞা আৰু শিলচৰ থানাৰ অন্তৰ্গত মালুগ্ৰাম গণিৱালাৰ বাসিন্দা ম বুলি চিনাক্ত কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us