জাতি সত্তা ধৰি ৰাখি ৰাভা সকলে পাপ্য অধিকাৰ আজুৰি আনকঃ ষষ্ঠ অনুসূচী দাবী সমিতিৰ ২১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

জাতি সত্তা ধৰি ৰাখি ৰাভা সকলে পাপ্য অধিকাৰ আজুৰি আনকঃ ষষ্ঠ অনুসূচী দাবী সমিতিৰ ২১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
জাতি সত্তা ধৰি ৰাখি ৰাভা সকলে পাপ্য অধিকাৰ আজুৰি আনকঃ  ষষ্ঠ অনুসূচী দাবী সমিতিৰ ২১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

ডিজিটেল সংবাদ,দুধনৈঃ গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতি, গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু আমজোঙা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, আমজোঙা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আমজোঙা আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত আজি এদিনীয়া কাৰ্যসূচীৰে আমজোঙাৰ হাতীমুৰা খেলপথাৰত ষষ্ঠ অনুসূচী দাবী সমিতিৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়।

Advertisment

আমজোঙাৰ হাতীমুৰা খেলপথাৰত প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা পতাকা উত্তোলন কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভাই। শ্বহীদ তৰ্পণ কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য সম্পাদক অশোক কুমাৰ ৰাভাই। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকদ্বয় ক্ৰমে ডঃ ৰজত ৰাভা আৰু অশোক ৰঞ্জন ভট্টাচাৰ্যই।

ইয়াৰ পিছত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাখন উদ্বোধন কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য উপদেষ্টা মহীধৰ ৰাভাই। বিয়লি ২ বজাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। মুকলি সভা উদ্বোধন কৰি মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ এক সংগ্রামী সত্বাৰ মাজেদি ২০০৩ চনত জন্ম লাভ কৰিছিল ষষ্ঠ অনুসূচী দাবী সমিতি।

ৰাভা জাতিৰ উত্তৰণ, স্বাধীনতা, অধিকাৰৰ দাবীক নিৰৱচ্ছিন্নভাৱে আন্দোলনৰ জৰিয়তে আগবঢ়াই নিছে ষষ্ঠ অনুসূচী দাবী সমিতিয়ে। ৰাভা জাতিৰ লগতে বিভিন্ন জাতি -জনগোষ্ঠীৰ লোকক লগত লৈ ৰাভা জাতিৰ ইছ্যুটোক কেনেকৈ আগবঢ়াই নিব তাৰ বাবে ষষ্ঠ অনুসূচী দাবী সমিতিয়ে অহৰহ প্ৰচেষ্টাৰে কাম কৰি আহিছে। লগতে ভাষণ প্ৰসংগত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰী চৰকাৰক আহবান জনায় যাতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছং পৰিষদ খনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী প্ৰদান কৰে । 

উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবী আৰু ৰাভা জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ দাবী গণতান্ত্ৰিক ভাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ ২০০৩ চনৰ ৭ আৰু ৮ জুনত দুধনৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা জাতীয় অভিবৰ্তনৰ জৰিয়তে জন্ম লাভ কৰিছিল ষষ্ঠ অনুসূচী দাবী সমিতি। তেতিয়াৰ পৰাই ৰাভা জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাক লৈ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। ভাষণ প্ৰসংগত মহন্তই কয় যে  ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ খনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰণৰ দাবীত ২০০৩ চনত ষষ্ঠ অনুসূচী দাবী সমিতি গঠন কৰিছিল আৰু দীৰ্ঘ দিন ধৰি নিৰৱচ্ছিন্নভাবে ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ৰাভা হাছং পৰিষদ খনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত সংগ্ৰাম কৰি আহিছে।

তেওঁ লগতে কয় যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ  ফলাফল অনুধাৱন কৰি এন ডি এ চৰকাৰে অতিশীগ্ৰে অসমৰ তিনিখন বিশেষ স্বায়ত্ব শাসিত পৰিষদ ক্ৰমে ৰাভা, মিচিং আৰু তিৱা পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে। নহলে অসমৰ ভৌগোলিক সীমা শৰাইঘাটৰ দলংলৈকে পিছুৱাই যাব বুলি অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচক।

ইপিনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা নৃপেন খান্দা, উপ সভাপতি প্রদীপ ৰাভা, সাধাৰণ সম্পাদক ডঃ সুভাষ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা কবিতা ৰাভা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভা, উপাধ্যক্ষ ৰমাকান্ত ৰাভাৰ উপৰি মুকলি সভাত বিভিন্ন সংগঠনৰ নেতৃবৃন্দ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। মুকলি সভাৰ মাজতে ৰাভা জনগোষ্ঠীৰ হামজাৰ নৃত্য বহুৰঙী নৃত্য প্ৰদৰ্শন কৰে স্থানীয় শিল্পী সকলে।

ৰাভা