/asomiyapratidin/media/media_files/2025/12/07/new-ap-web-4-8-2025-12-07-17-24-19.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ প্ৰজ্ঞাৰ সাধক, বিশিষ্ট কথাশিল্পী, খ্যাতনামা সাহিত্যিক হোমেন বৰগোহাঞিৰ ওপজা ভূমি উজ্বলি উঠিল ঢকুৱাখনাৰ সুপুত্ৰ গৰাকীৰ বিশাল আৱক্ষ মূৰ্তিৰে। অসমীয়া জাতীয় জীৱনৰ সব্যসাচী পুৰুষ বৰগোহাঞিৰ কায়িক অবৰ্তমানত অসমীয়া ভাষা সাহিত্যৰ নিপুন খনিকৰ গৰাকীৰ চিন্তা-চেতনা অসমীয়াৰ মন প্ৰাণত অনাদি অনন্ত কাললৈ সঞ্চাৰিত কৰি ৰখাৰ মানসেৰে দেওবাৰে প্ৰবাদ পুৰুষ গৰাকীৰ ৯৩ সংখ্যক জন্ম তিথিত উন্মোচন কৰা হল এটা পূৰ্ণবয়ব প্ৰতিমূৰ্তি।
ঢকুৱাখনা আৰু ঢকুৱাখনীয়াৰ স্বাভিমানৰ প্ৰতীক চাৰিকড়ীয়া নদীৰ আমৃত্যু প্ৰেমিক, ম'হঘুলি চাপৰিৰ আজন্ম বান্ধৱ বৰেণ্য বৌদ্ধিক মহীৰূহ গৰাকীৰ ওপজা ঠাইত দেওবাৰে ৰাইজৰ বাবে উৎস্বৰ্গিত কৰা হল বৰগোহাঞিৰ ২১ ফুট উচ্চতা (স্থলপৃষ্ঠৰ পৰা)ৰ এক ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি। দেওবাৰে দুপৰীয়া কথাশিল্পী গৰাকীৰ প্ৰাণৰ চাৰিকড়ীয়া নদীৰ অৱবাহিকাত চাৰিকড়ীয়া নদীৰ দলঙৰ সমীপত নদীৰ দিশে সন্মুখ কৰি ২০১২ চনৰ ১৫ জুনত আত্মপ্ৰকাশ কৰা "হোমেন বৰগোহাঞি স্মাৰক ন্যাস"ৰ স্থায়ী কাৰ্য্যালয় প্ৰাংগনত প্ৰতিষ্ঠা কৰা হৈছে এই সুদৃশ্যমান মূৰ্তি।
ডবা ,শংখ আৰু আয়তীৰ উৰুলিৰ মাংগলিক ধ্বনিৰ মাজত প্ৰসিদ্ধ ভাস্কৰ বীৰেন সিংহৰ নিখুঁত ভাস্কৰ্য এই প্ৰতিমূৰ্তি গুণগ্ৰাহীৰ দৰ্শনৰ বাবে দেওবাৰে অগণন গুণগ্ৰাহী, শুভাকাংক্ষীৰ উপস্থিতিত মুকলি কৰে ঢকুৱাখনাৰ বিধায়ক নৱ দলেয়ে। এই সন্দৰ্ভত এক মননশীল উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় স্মাৰক ন্যাস প্ৰাঙ্গনত।
ন্যাসৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত জনাকীৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট বিজ্ঞানী, তেজপুৰ বিশ্ববিদ্যালয়ৰ সেৱানিবৃত্ত উপাচাৰ্য, প্ৰফেছাৰ এমিৰেটাছ, চেয়াৰ অফ্ ডঃ ভূপেন হাজৰিকা চেণ্টাৰ ফ'ৰ ক্ৰিয়েটিভিটি ,ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটিৰ ডঃ অমৰজ্যোতি চৌধুৰী আৰু অতিথি হিচাপে বিশিষ্ট চিকিৎসক,সংগীত শিল্পী ডা: অঞ্জনজ্যোতি চৌধুৰী, কবি অনুপমা বসুমতাৰী ,লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছানিয়া বৰগোঁহাই ,ঢকুৱাখনাৰ সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ আদি ।
ভাষা সাহিত্যিক গৰাকীৰ অতুল্য সৃষ্টিৰাজীৰ বিজ্ঞানসন্মত সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য উদ্দেশ্যেৰে ঢকুৱাখনাত গঠিত হোৱা ন্যাস'ৰ এই প্ৰশংসনীয় প্ৰয়াসৰ অনুষ্ঠানত প্ৰয়াত বুদ্ধিজীৱী গৰাকীৰ অগণন শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। বিধায়ক নৱ দলেৰ উদ্বোধনী ভাষনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত ডঃ অমৰ জ্যোতি চৌধুৰীয়ে তত্বগধুৰ ভাষণত প্ৰয়াত বৰগোহাঞিক "অস্তিত্বৰ নতুন বাট দিয়া এটা নাম, স্বাভিমানৰ এটা নাম ,প্ৰতিষ্ঠাৰ এক সংগ্ৰামৰ নাম, সাহসৰ নাম ,আত্ম প্ৰত্যয়ৰ নাম , কিতাপত সমগ্ৰ পৃথিবীখন দেখা এক মানৱতাৰ নাম, সাংবাদিকতা আৰু সাহিত্যৰে অজস্রজনৰ বাট মোকলাই দিয়া এটা নাম, অসমৰ বাবে কৰা চিন্তা চেতনা উদ্যোগৰ এটা নাম আৰু আৰ্তজনক সহায় কৰা এটা পৰিশীলিত জীৱনৰ নাম" বুলি অভিহিত কৰে।
ন্যাসৰ শ্ৰুতিমধুৰ বৃন্দ গানেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত "চাৰিকড়ীয়া" শীৰ্ষক নৃত্য গীত, যন্ত্ৰসংগীতেৰে পৰিবেশ জীপাল কৰি তোলে। অনুষ্ঠানত অতিথি ডাঃ অঞ্জন জ্যোতি চৌধুৰীয়ে প্ৰয়াত বৰগোহাঞিৰ সান্নিধ্য লাভৰ প্ৰসংগ উত্থাপন কৰি হাস্যব্যংগৰে উপস্থিত গুনগ্ৰাহীক আপ্লুত কৰে। অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা আৰু অতিথি কবি অনুপমা বসুমতাৰীয়েও চমু বক্তব্য আগবঢ়াই। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ প্ৰাৰম্ভতে ন্যাস সংলগ্ন এটা পুথিভঁৰালৰ শুভ উন্মোচন কৰে ডঃ অমৰ জ্যোতি চৌধুৰীয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us