প্ৰকাশ পালে ২০২৮ ৰ অলিম্পিকৰ ক্ৰিকেটৰ সূচীঃ পুৰুষ, মহিলাৰ ৬ টাকৈ দলে কৰিব অংশগ্ৰহণ

এক শতিকাৰো অধিক সময়ৰ অপেক্ষাৰ অন্ত। অৱশেষত বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ মঞ্চলৈ ঘূৰি আহিল ক্ৰিকেট। ২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত হৈছে ক্ৰিকেট।

author-image
Tushar Pratim
New Update
প্ৰকাশ পালে ২০২৮ ৰ অলিম্পিকৰ ক্ৰিকেটৰ সূচীঃ পুৰুষ, মহিলাৰ ৬ টাকৈ দলে কৰিব অংশগ্ৰহণ

ডিজিটেল ডেস্কঃ এক শতিকাৰো অধিক সময়ৰ অপেক্ষাৰ অন্ত। অৱশেষত বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ মঞ্চলৈ ঘূৰি আহিল ক্ৰিকেট। ২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত হৈছে ক্ৰিকেট। প্ৰতিযোগিতাখনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৫ বিধ খেলৰ ভিতৰত অন্যতম ক্ৰিকেট। 

Advertisment

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ঘোষণা কৰিছে ২০২৮ ৰ অলিম্পিকত ক্ৰিকেটৰ মেচসমূহৰ সূচী।সেই অনুসৰি এইবাৰ অলিম্পিকত মুঠ ১৭ দিন ধৰি পুৰুষ আৰু মহিলাৰ মেচসমূহ অনুষ্ঠিত হ’ব।

১২৮ বছৰৰ পিছত অলিম্পিকত পুনৰ অন্তৰ্ভুক্ত হোৱা ক্ৰিকেট প্ৰতিযোগিতা এইবাৰ টি-২০ ফৰ্মেটত খেলা হ’ব। উল্লেখ্য, ইয়াৰ পূৰ্বে অলিম্পিক কমিটীয়ে ঘোষণা কৰিছিল যে লছ এঞ্জেলছ অলিম্পিকত পুৰুষ আৰু মহিলাৰ ৬টাকৈ দলে ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। 

প্ৰতিটো দলত ১৫ জন সদস্য থাকিব। অৰ্থাৎ মুঠ ৯০ জন পুৰুষ আৰু ৯০ গৰাকী মহিলা ক্ৰিকেটাৰে অলিম্পিকত অংশগ্ৰহণ কৰিব পাৰিব। অৱশ্যে অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহৰ অৰ্হতাৰ পৰ্যায় সন্দৰ্ভত এতিয়াও ঘোষণা কৰা হোৱা নাই।

মন কৰিবলগীয়া যে ক্ৰিকেটৰ আটাইতকৈ চমু ফৰ্মেটত বিশ্বৰ বহুকেইখন দেশে খেলি আহিছে। তাৰ মাজৰ পৰা মাত্ৰ ৬ খন দেশেহে অলিম্পিক খেলিব। তাৰোপৰি আয়োজক হিচাপে আমেৰিকাৰ দলটোৱে পোনপটিয়াকৈ যোগ্যতা অৰ্জন কৰিব। সেয়ে বাকী ৫ খন দেশেহে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব।

অৱশ্যে অলিম্পিকৰ অৰ্হতাৰ পৰ্যায় কেনেধৰণৰ হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও লছ এঞ্জেলছ অলিম্পিকৰ আয়োজক সমিতিয়ে ক্ৰিকেট প্ৰতিযোগিতাৰ তাৰিখ ঘোষণা কৰিছে। তেওঁলোকে জনোৱা অনুসৰি ২০২৮ চনৰ ১২ জুলাইৰ পৰা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ’ব।

বেছিভাগ দিনতে দুখনকৈ মেচ অনুষ্ঠিত হ’ব। অৱশ্যে ১৪ আৰু ২১ জুলাইত ক্ৰিকেটৰ কোনো মেচ নাথাকিব। পুৰুষৰ ২০ জুলাই আৰু মহিলাৰ ২৯ জুলাইত অনুষ্ঠিত হ’ব পদক অৰ্জনৰ মেচ। 

জানিব পৰা মতে ২০২৮ চনৰ অলিম্পিক ক্ৰিকেট প’মোনাৰ এখন অস্থায়ী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই ঠাইখন লছ এঞ্জেলছৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

ক্ৰিকেট মেচসমূহ স্থানীয় সময় অনুসৰি পুৱা ৯ বজাৰ পৰা আৰু সন্ধিয়া ৬:৩০ বজাত আৰম্ভ হ’ব। অৰ্থাৎ ভাৰতীয় সময় অনুসৰি নিশা ৯:৩০ বজাত আৰু পিছদিনা পুৱা ৭ বজাত খেলসমূহ অনুষ্ঠিত হ’ব। 

এইবাৰ অলিম্পিকত ভাৰতীয় দলটোৱে অংশহগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ২০২৪ত আমেৰিকাত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত ভাৰত চেম্পিয়ন হৈছিল। আমেৰিকাৰ পৰিবেশত ভাৰতে খেলাৰ অভিজ্ঞতা আহৰণ কৰিছে। সেই অনুসৰি অলিম্পিকত ভাৰতে ক্ৰিকেটৰ জৰিয়তে আন এক সফলতা আহৰণ কৰিব পাৰিব বুলিয়েই দৃঢ় বিশ্বাসী হৈ আছে অনুৰাগীসকল। 

 

ক্ৰিকেট অলিম্পিক