/asomiyapratidin/media/media_files/2024/12/11/7gngaCmfGczmx8GttkWn.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ নিৰ্বাচন অকলেই খেলিব আম আদমী পাৰ্টিয়ে। কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰে দিল্লীৰ বৰ্তমানৰ শাসনাধিষ্ঠ দলটোৱে। আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ আৰু আপে উমৈহতীয়াকৈ যুঁজ দিব বুলি চৰ্চা চলি আছিল যদিও, এই চৰ্চা শেহতীয়াকৈ যতি পেলালে অৰবিন্দ কেজৰিৱালে।
শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে স্পষ্ট কৰি দিলে যে, আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত নিজৰ শক্তিৰ যুঁজ দিব আপে। কংগ্ৰেছ নাইবা আন কোনো দলৰ সৈতে মিত্ৰতাৰ কথা ইয়াত আহিবই নোৱাৰে। কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱাৰ চৰ্চা একেবাৰে ভিত্তিহীন। দিল্লীত চতুৰ্থবাৰৰ বাবে আপে চৰকাৰ গঠন কৰিবলৈ গৈ আছে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা কেইদিনমানৰ পৰা কংগ্ৰেছৰ সৈতে আপে মিত্ৰতা কৰিব বুলি এক চৰ্চা আৰম্ভ হৈছিল। এই সন্দৰ্ভত দিল্লীৰ শীৰ্ষতম কংগ্ৰেছ নেতৃত্বই শৰদ পৰাৱৰ ঘৰত কেজৰিৱালৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ খবৰো প্ৰচাৰ হৈছিল। কিন্তু এই খবৰক সম্পূৰ্ণ ভিত্তিহীন বুলি আখ্যা দিলে আপৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us