/asomiyapratidin/media/media_files/2025/01/21/X7n9RSXvQaNtdTZR2jFp.jpg)
ছেমিকন ইণ্ডিয়া প্ৰগ্ৰেমৰ অধীনত একাধিক বিষয়ত গুৰুত্ব বিত্ত মন্ত্ৰালয়ৰ
ডিজিটেল ডেস্ক : ২০২৫-২৬ৰ কেন্দ্ৰীয় বাজেট অধিবেশন চমু চাপি অহাৰ লগে লগে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়কলৈ পৰিকাঠামো প্ৰস্তুত কৰিছে বিত্ত মন্ত্ৰালয়ে। মন্ত্ৰালয়ে বিশেষকৈ ছেমিকন ইণ্ডিয়া প্ৰগ্ৰেমৰ অধীনত ১.৫২ লাখ কোটি টকা বিনিয়োগ আৰু ৮৫,০০০ চাকৰিৰ সম্পৰ্কত বিশেষভাৱে আলোচনা কৰে।
অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিকছ উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিত্ত মন্ত্ৰালয়ে। এই সন্দৰ্ভত মন্ত্ৰালয়ে উল্লেখ কৰে যে অৰ্ধপৰিবাহী আৰু প্ৰদৰ্শন উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বাবে ইতিমধ্যে কাৰ্যসূচী গ্ৰহণ কৰি আঁচনি নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ লক্ষ্য হৈছে অৰ্ধপৰিবাহী পেকেজিং আৰু অৰ্ধপৰিবাহী ডিজাইনিং কোম্পানীসমূহক আকৰ্ষণীয় প্ৰৰোচনামূলক সমৰ্থন প্ৰদান কৰা।
উল্লেখযোগ্য যে ২০২১ চনৰ ১৫ ডিচেম্বৰত অনুমোদিত ছেমিকন ইণ্ডিয়া প্ৰগ্ৰেমে বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগত ভাৰতৰ স্থান শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছিল। এই কাৰ্যসূচীৰ অধীনত চৰকাৰে ৫টা অৰ্ধপৰিবাহী প্ৰকল্পত অনুমোদন জনোৱাৰ লগতে ১৬টা অৰ্ধপৰিবাহী ডিজাইন কোম্পানীক সহায় আগবঢ়াইছে।
এই পদক্ষেপসমূহে ১.৫২ লাখ কোটি টকাৰ সঞ্চিত বিনিয়োগ আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। তদুপৰি এই প্ৰকল্পসমূহে প্ৰায় ২৫,০০০ উন্নত প্ৰযুক্তিৰ প্ৰত্যক্ষ চাকৰি আৰু অতিৰিক্ত ৬০,০০০ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব বুলি প্ৰকল্প প্ৰস্তুত কৰা হৈছে। যিয়ে ভাৰতৰ প্ৰযুক্তিগত কৰ্মশক্তি বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব বুলি আশা প্ৰকাশ কৰিছে।