Advertisment

অভিলেখ জিএমচিএইচৰঃ প্ৰতিদিনে ৩ সহস্ৰাধিক ৰোগীক চিকিৎসা প্ৰদান...

২০২৪ বৰ্ষটোত জিএমচিএইচত প্ৰায় ১২ লাখ ৰোগীক চিকিসা সেৱা আগবঢ়োৱা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা. অচ্যত চন্দ্ৰ বৈশ্যই এক সংবাদমেলযোগে সদৰি কৰা মতে, পাৰ হৈ হোৱা বছৰটোত প্ৰতিদিনে জিএমচিএইচলৈ গড়ে ৩ হাজাৰকৈ ৰোগী চিকিৎসাৰ বাবে আহিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
xcv

ডিজিটেল সংবাদ,গুৱাহাটীঃ   পাৰ হৈ যোৱা বছৰটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অভিলেখ সংখ্যক ৰোগীক চিকিৎসা প্ৰদান কৰি স্বাস্থ্য খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। উন্নত চিকিৎসা প্ৰদান, আন্তঃগাঁথনি উন্নয়ন আৰু জনসেৱা লক্ষ্যৰে ৰাজ্যবাসীৰ বাবে এক সমপিত সেৱা প্ৰদান কৰি জিএমচিএইচ য়ে এই কৃতিত্ব লাভ কৰিছে।

Advertisment

২০২৪ বৰ্ষটোত জিএমচিএইচত প্ৰায় ১২ লাখ ৰোগীক চিকিসা সেৱা আগবঢ়োৱা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা. অচ্যত চন্দ্ৰ বৈশ্যই এক সংবাদমেলযোগে সদৰি কৰা মতে, পাৰ হৈ হোৱা বছৰটোত প্ৰতিদিনে জিএমচিএইচলৈ গড়ে ৩ হাজাৰকৈ ৰোগী চিকিৎসাৰ বাবে আহিছিল।

উক্ত সময়ছোৱাত ১ লাখ ৪৩ হাজাৰ ৰোগী জিএমচিএইচৰ ইমাৰজেনচি সেৱাত ভৰ্তি হৈছিল। আনহাতে, আইভিএফৰ জৰিয়তে এই পাৰ হৈ যোৱা বছৰটোত ২৬ টা পৰিয়ালৰ মাজত প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিভাগে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

অতি ব্যয়বহুল এই আইভিএফ সেৱা মাত্ৰ ৭০ হাজাৰ টকাৰ বিনিময়ত আগবঢ়াইছে জিএমচিএইচে। ইউৰোল'জি বিভাগে ৩৪ টা ৰেনাল ট্ৰান্সপ্লান্ট কৰা লগতে হেম'ট'লজি বিভাগে ৩৯ টা হাৰৰ মজ্জা সফলভাৱে সংৰোপন কৰে।

ইপিনে মাইক্ৰ'লজি, বায়'কেমিষ্ট আৰু পেথ'লজি পৰীক্ষাগাৰৰ বাবে জিএমচিএইচে এনবিচিএলৰ স্বীকৃতি লাভ কৰা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত হয়। বিগত বছৰটোত কাৰ্ডিঅ'লজি বিভাগে ৭৪৭ গৰাকী ৰোগী প্ৰেছ মেকাৰ,১২০ গৰাকী জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সফল অস্ত্ৰোপ্ৰচাৰৰ, ৪০০০ ৰোগীৰ কেটেৰেক্ট অপাৰেচন কৰে।

জিএমচিএইচলৈ প্ৰতিদিনে ১০০ গৰাকী ৰোগী গড়ে চিকিৎসাৰ বাবে আহে। তেওঁলোকক ৰোগৰ পৰীক্ষাৰ পৰা ঔষধ,ডিচাৰ্জ পৰ্যন্ত সকলো সুবিধা বিনামুলীয়া ব্যৱস্থা কৰা হয়। 

২০২৪ বৰ্ষত জিএমচিএইচত নতুনকৈ সংযোজন কৰা হয় ৰক্ত সংৰক্ষণ আৰু যোগানৰ সুবিধাৰ বাবে এটা আধুনিক আৰ্হি ৰক্ত কেন্দ্ৰ, সুলভ ঔষধ যোগানৰ বাবে অমৃত ফাৰ্মাচী,ৰোগী পঞ্জীয়ন,ইন হাউচ ৰিপৰ্ট, ইন হাউচ ডিচাৰ্জ সুবিধা আদি।

বিগত বৰ্ষটোত জিএমচিএইচত ১৩১৭২ টা শিশুৱে জন্ম লাভ কৰে। জিএমচিএইচৰ সংবাদমেলত উপস্থিত আছিল জিএমচিএইচৰ অধীক্ষক ডা. অভিজিত শৰ্মা,উপ অধীক্ষক ডা. কুমাৰ পাৰ্থপ্ৰতিম, ডা. অমূল্য হাজৰিকা আৰু অতিৰিক্ত অধীক্ষক ডা. প্ৰদীপ কুমাৰ দাস।

জিএমচিএইচ