ৰিক্স ল'ব নিবিচাৰে বিজেপিয় ! ধুবুৰী লোকসভা সমষ্টি এৰি দিছে অগপক...

author-image
Asomiya Pratidin
New Update
ৰিক্স ল'ব নিবিচাৰে বিজেপিয় ! ধুবুৰী লোকসভা সমষ্টি এৰি দিছে অগপক...

DHUBURI

ডিজিটেল ডেস্কঃ সমাগত লোকসভাৰ নিৰ্বাচন। ইতিমধ্যে লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰৰ মাজত আৰম্ভ হৈছে প্ৰস্তুতি। অসমত কংগ্ৰেছে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক ছেমি ফাইনেল হিচাপে লৈ লোকসভালৈ সাজু হোৱাৰ কথা ঘোষণা কৰিছে ভূপেন বৰাই।

Advertisment

আনহাতে ৰাইজৰ দলৰ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফক বাদ দি সকলো বিৰোধী ৰাজনৈতিক দলক একেখন মঞ্চৰ তললৈ আনি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

বিৰোধীৰ এনে ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে বিজেপিৰ সভাপতি ভৱেশ কলিতাই এখোজ আগুৱাই গৈ কোন কেইটা সমষ্টিত নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই বিষয়ে ঘোষণা কৰিছে।

বিজেপি সভাপতিগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি লোকসভাৰ নিৰ্বাচনত মুঠ ১৪ খন আসনৰ বিপৰীতে তেওঁলোকে ১২ খনতে প্ৰতিদ্বন্দিত আগবঢ়াব। দুখন আসন তেওঁলোকে মিত্ৰদলক এৰি দিব।

সেই অনুসৰি আঞ্চলিকাতবাদী দল অসম গণ পৰিষদক ধুবুৰী সমষ্টি এৰি দিয়াৰ বিপৰীতে ইউ পি পি এলক কোকৰাঝাৰ সমষ্টি এৰি দিয়াৰ কথা প্ৰকাশ পাইছে। উল্লেখ্য যে ধুবুৰী সমষ্টি বৰ্তমান এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ দখলত থকাৰ বিপৰীতে কোকৰাঝাৰ সমষ্টি সমষ্টি আছে নৱ শৰণীয়াৰ দখলত।

বিজেপিয়ে ধুবুৰী সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে জয়ী সম্ভাৱনা প্ৰায় শূন্য। এ আই ইউ ডি এফৰ শক্তিশালী ভেঁটি থকা ধুবুৰীত অগপয়ো যে ভাল ফল লাভ কৰিব পাৰিব সেয়া আজিৰ তাৰিখত কোনোৱেই ক'ব নোৱাৰে। এক কথাত পৰাজয় নিশ্চিত বুলি জানিয়েই বিজেপিয়ে ধুবুৰীক অগপলৈ এৰি দিছে বুলি চৰ্চা চলিছে।

আনহাতে বি টি আৰত চলি থকা বড়ো, অবড়ো যুঁজখনৰ বাবেই নৱ শৰণীয়া দুবাৰকৈ সাংসদ হ'বলৈ সক্ষম হৈছে। ইউ পি পি এলক এই সমষ্টি এৰি দিলেও বি পি এফৰ সৈতে ইউ পি পি এলৰ ৰাজনৈতিক সংঘাতৰ বাবেই বেকফুটত পৰাৰ সম্ভাৱনা আছে।

bjp aiudf agp dhubri