পাকিস্তানলৈ আঙুলি : সন্ত্ৰাসবাদীৰ আক্ৰমণত ২০ হাজাৰ ভাৰতীয় নিহত

বিগত সময়বোৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত নিহত হৈছে ২০,০০০ ভাৰতীয় লোক। ইয়াৰ বাবে জগৰীয়া কেৱল পাকিস্তান। - ৰাষ্ট্ৰসংঘৰ মজিয়াত এই কথা সদৰী কৰিছে ভাৰতৰ ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিশে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সন্ত্ৰাসবাদীৰ আক্ৰমণত ২০ হাজাৰ ভাৰতীয় নিহত

ডিজিটেল ডেস্ক : বিগত সময়বোৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত নিহত হৈছে ২০,০০০ ভাৰতীয় লোক। ইয়াৰ বাবে জগৰীয়া কেৱল পাকিস্তান। - ৰাষ্ট্ৰসংঘৰ মজিয়াত এই কথা সদৰী কৰিছে ভাৰতৰ ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিশে। 

Advertisment

বিগত মাহত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে স্থগিত ৰখা সিন্ধু জল চুক্তিৰ ওপৰত পাকিস্তানে দিয়া “ভুল তথ্য”ক লৈ শনিবাৰে ভাৰতে পাকিস্তানক তীব্ৰ সমালোচনা কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিশে কয় যে, সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন শেষ নকৰালৈকে ৬৫ বছৰীয়া চুক্তি স্থগিত থাকিব। তেওঁৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত পাকিস্তানী প্ৰতিনিধিয়ে কয় যে, “পানী হৈছে জীৱন, যুদ্ধৰ অস্ত্ৰ নহয়”।

উল্লেখযোগ্য যে, ১৯৬০ চনত স্বাক্ষৰিত হোৱা সিন্ধু জল চুক্তি, পেহেলগামৰ ঘটনাৰ এদিন পিছতে স্থগিত ৰাখিছিল ভাৰতে । নতুন দিল্লীয়ে এই সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে “পাকিস্তানৰ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীৰ সৈতে সংযোগ” বিচাৰি পোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

পাকিস্তানৰ কু-কাৰ্যৰ কথা উদঙাই চাৰিটা বিশেষ ঘটনাৰ ওপৰত আলোকপাত কৰে মিষ্টাৰ হৰিশে। তেওঁ কয় যে, ভাৰতে সদায় উদাৰ ৰাষ্ট্ৰ হিচাপে দায়িত্বশীলভাৱে কাম কৰি আহিছে। ঘটনাৰ আঁত ধৰি প্ৰথমে তেওঁ কয়- ৬৫ বছৰ পূৰ্বে ভাৰতে সদিচ্ছাৰে সিন্ধু জল চুক্তিত স্বাক্ষৰ কৰিছিল। সেই সন্ধিৰ প্ৰস্তাৱনাত বৰ্ণনা কৰা হৈছে যে, ই কেনেকৈ আত্মীয়তা আৰু বন্ধুত্বৰে সদায় সমিল মিলে কাম কৰি যাব। 

চাৰে ছয় দশকজুৰি পাকিস্তানে সেই সন্ধিৰ মনোভাব উলংঘা কৰি ভাৰতৰ ওপৰত তিনিখন যুদ্ধ আৰু হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছে। যাৰ ফলত বিগত চাৰিটা দশকত ২০ হাজাৰৰো অধিক ভাৰতীয়, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছে । এই সমগ্ৰ সময়ছোৱাতো ভাৰতে অসাধাৰণ ধৈৰ্য্য আৰু উদাৰতা দেখুৱাই পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল বুলি তেওঁ কয়।

তেওঁ আৰু কয় যে, পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে ভাৰতৰ সীমা অতিক্ৰম কৰি সাধাৰণ নাগৰিকৰ জীৱন, ধৰ্মীয় সম্প্ৰীতি, অৰ্থনৈতিক সমৃদ্ধিৰ পণবন্দী কৰি ৰাখিব বিচাৰে। দ্বিতীয়তে, এই ৬৫ বছৰত সুদূৰপ্ৰসাৰী মৌলিক পৰিৱৰ্তন ঘটিছে। কেৱল সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ জৰিয়তে নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধিৰ ক্ষেত্ৰতে নহয়, স্বচ্ছ শক্তি উৎপাদন, জলবায়ু পৰিৱৰ্তন, জনগাঁথনি পৰিৱৰ্তনৰ বাবেও প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।

মিষ্টাৰ হৰিশে ইয়াকো কয় যে, ২০১২ চনত জম্মু-কাশ্মীৰৰ তুলবুল নেভিগেচন প্ৰকল্পতো সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। এই কু-কাৰ্য্যই আমাৰ প্ৰকল্পসমূহৰ সুৰক্ষা আৰু সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন কৰি আহিছে। 

ঘটনাৰ আঁত ধৰি তৃতীয়তে উল্লেখ কৰে যে, ভাৰতে বিগত দুবছৰত কেইবাবাৰো পাকিস্তানক আনুষ্ঠানিকভাৱে পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে। কিন্তু এইক্ষেত্ৰত পাকিস্তানে এইবোৰ নাকচ কৰি আহিছে।

উল্লেখযোগ্য যে, এই পটভূমিতেই ভাৰতে অৱশেষত ঘোষণা কৰিছে যে, সন্ত্ৰাসবাদৰ বিশ্বব্যাপী কেন্দ্ৰবিন্দু পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন বিশ্বাসযোগ্য আৰু অপ্ৰত্যাহাৰ্যভাৱে শেষ নকৰালৈকে চুক্তিখন স্থগিত ৰখা হ’ব বুলি স্পষ্টভাৱে ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে উল্লেখ কৰে।

ভাৰত পাকিস্তান