/asomiyapratidin/media/media_files/2025/04/02/HsJ4ndpLr619YP8ThLUk.jpg)
আৰম্ভ হৈছে মিচিং ভাষাৰ পাঠদান
ডিজিটেল সংবাদ, চিলাপথাৰ: বুধবাৰৰ পৰা অসমৰ ২০০খন মিচিং অধ্যূষিত অঞ্চলৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হৈছে মিচিং ভাষাৰ পাঠদান। চিলাপথাৰৰ লখিমপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে অঞ্চলটোৰ ১৬ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হল মিচিং ভাষাৰে শিক্ষাদান।
মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতিৰ ক্ষেত্ৰত বিগত ৪০টা বছৰে সংগ্ৰাম কৰি আহিছিল মিচিং জাতীয় দল সংগঠনে। মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰাত উৎফুল্লিত হৈ পৰিছে মিচিং জনগোষ্ঠীয় দল সংগঠন আৰু ৰাইজ। বিদ্যালয়সমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে। পুৱাই মিচিং ৰাইজে মাংগলিক ৰীতিনীতিৰে চিলাপথাৰ অঞ্চলৰ ১৬ খনকৈ বিদ্যালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ কৰে মিচিং ভাষাৰ শিক্ষাদানৰ শুভাৰম্ভ।
মুল তোৰণৰ পৰা আদৰণীৰে আপ্যায়ন কৰা হ'ল কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক সকলক। লগতে মিচিং ভাষাবিদ টাবুৰাম টাইদলৈ শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে ৰাইজে। লগতে এনে পদক্ষেপৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু স্থানীয় বিধায়ক লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মিচিং জাতীয় দল সংগঠন আৰু ৰাইজে।