/asomiyapratidin/media/media_files/2025/07/02/trump-2-2025-07-02-14-46-49.jpg)
ডিজিটেল ডেস্কঃ কেইবালাখ মাৰ্কিন নাগৰিকৰ ব্যক্তিগত স্বাস্থ্যৰ তথ্য ফাদিল হোৱাক কেন্দ্ৰ কৰি বিপদত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসন। অভিযোগ অনুসৰি লাখ লাখ মাৰ্কিন নাগৰিকৰ ব্যক্তিগত স্বাস্থ্যৰ তথ্য ইমিগ্ৰেছন বিভাগ আৰু গৃহ নিৰাপত্তা বিভাগৰ হাতত গতাই দিয়া হৈছে।
এই গুৰুতৰ অভিযোগ উত্থাপন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০ খন ৰাজ্যই ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিছে। খবৰ অনুসৰি আমেৰিকাৰ স্বাস্থ্য সচিব ৰবাৰ্ট এফ কেনেডি জুনিয়ৰৰ উপদেষ্টাই যোৱা মাহত কেলিফৰ্ণিয়াৰ ইলিনয় আৰু ৱাশ্বিংটনৰ নাগৰিকসকলৰ ব্যক্তিগত স্বাস্থ্যৰ তথ্য গৃহ নিৰাপত্তা বিভাগৰ হাতত অৰ্পণ কৰিছে।
ট্ৰাম্প প্ৰশাসনে দাবী কৰিছে যে আমেৰিকাৰ নাগৰিকৰ লগতে সেই ৰাজ্যসমূহৰ বিভিন্ন স্বাস্থ্য সেৱাখণ্ডত অনুপ্ৰৱেশকাৰীও তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছিল। কিন্তু তেওঁলোকৰ সকলো খৰচ ৰাজ্যিক কৰদাতাই বহন কৰিবলগীয়া হৈছে।
এই দাবীৰ পিছতেই ট্ৰাম্প প্ৰশাসনে লাখ লাখ লোকৰ ব্যক্তিগত স্বাস্থ্যৰ তথ্য গৃহ নিৰাপত্তা বিভাগক গতাই দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু কেলিফৰ্ণিয়াকে ধৰি আমেৰিকাৰ ৰাজ্যসমূহে দাবী কৰিছে এনে কাৰ্যৰ ফলত ফেডাৰেল গোপনীয়তা আইন উলংঘা কৰা হৈছে। ইয়াৰ পিছতে সেই ৰাজ্যসমূহে ট্ৰাম্পৰ এই ‘অনৈতিক’ পদক্ষেপৰ বিৰুদ্ধে মাত মাতিছে।
এই সন্দৰ্ভত কেলিফৰ্ণিয়াৰ এটৰ্নী জেনেৰেল ৰব বণ্টাই কয় যে, বহু লোকৰ স্পৰ্শকাতৰ আৰু ব্যক্তিগত স্বাস্থ্যৰ তথ্য অবৈধভাৱে আই চি ইৰ হাতত গতাই দিয়া হৈছে। ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই দীৰ্ঘদিনীয়া ফেডাৰেল গোপনীয়তা উলংঘা কৰিছে।
কেৱল সেয়াই নহয়, বণ্টাই দাবী কৰে যে ইয়াৰ ফলত আমেৰিকাৰ ৰাজ্যসমূহত ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে। ব্যক্তিগত তথ্য ফাদিল হোৱাৰ ভয়তে সাধাৰণ জনতাই জৰুৰী চিকিৎসা সেৱা বিচাৰিবলৈ ভয় কৰিছে।
প্ৰকাশিত খবৰ অনুসৰি যিসমূহ লোকৰ ব্যক্তিগত স্বাস্থ্যৰ তথ্য ফাদিল কৰা হৈছে সেই তথ্যত তেওঁলোকৰ নাম, ঠিকনা, ব্যক্তিজন অনুপ্ৰৱেশকাৰী হওক বা নহওক, সামাজিক সুৰক্ষা নম্বৰ আৰু স্বাস্থ্য বীমাৰ তথ্য সন্নিবিষ্ট কৰা হৈছে।
অৱশ্যে আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ মুখপাত্ৰ এণ্ড্ৰু নিক্সনে এই সকলোবোৰ দাবী খাৰিজ কৰিছে। প্ৰশাসনৰ সিদ্ধান্তৰ পক্ষত যুক্তি আগবঢ়াই নিক্সনে কয় যে, "এই পদক্ষেপ সকলো আইন অনুসৰি গ্ৰহণ কৰা হৈছে। প্ৰশাসনৰ লক্ষ্য হৈছে যে যিসকলে আইনগতভাৱে চৰকাৰী সুবিধা লাভ কৰাৰ অধিকাৰ আছে তেওঁলোকেহে এই সুবিধা লাভ কৰে।"